Breaking News

পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ শুভাৰম্ভণি অনুষ্ঠান সফলতাৰে সম্পন্ন, অংশগ্ৰহণ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ পূব আঞ্চলিক খুমটাই উচ্চ মাধ্যমিক বিদ্যালয়ৰ সোণালী জয়ন্তীৰ শুভাৰম্ভণী অনুষ্ঠানটি মঙ্গলবাৰে দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় । সেই উপলক্ষে পুৱা ৮ বজাত বন্তি প্ৰজ্বলন, বিদ্যালয় আৰু সোণালী জয়ন্তী পতাকা উত্তোলনেৰে অনুষ্ঠানটি আৰম্ভ কৰা হয় । সোণালী জয়ন্তী বৰ্ষ উদযাপন সমিতিৰ সভাপতি গুনেন বৰা আৰু বিদ্যালয় পৰিচালনা আৰু উন্নয়ন সমিতিৰ সভাপতি গিৰীশ গগৈয়ে ক্ৰমে সোণালী জয়ন্তী আৰু বিদ্যালয় পতাকা উত্তোলন কৰে। বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক বদন গগৈয়ে স্মৃতি তৰ্পণ আৰু স্মৃতি সৌধৰ আধাৰশিলা স্থাপনৰ কাৰ্যসূচী ৰূপায়ন কৰে । সোণালী জয়ন্তী কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ উদ্বোধন কৰে আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰ গোলাঘাট জিলা সন্বয়ক মঃ ইমদাদ আলীয়ে। প্ৰাক্তন ছাত্ৰ গোপাল দাস, ছাত্ৰী কুমকুম চাংমাই আৰু ছাত্ৰ অৰুণ দাসে আঁত ধৰা বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-কৰ্মচাৰীৰ স্মৃতি ৰোমন্থন আৰু মত-বিনিময় অনুষ্ঠানটি স্হানীয় ছাত্ৰ ছাত্ৰীৰ লগতে ৰাজ্যখনৰ কেইবাখনো জিলাৰ পৰা বহু সংখ্যক প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰি অতীতৰ সোণালী শৈশৱৰ স্মৃতি ৰোমন্থন কৰে । শিক্ষক পুতুল গগৈ আৰু উজ্জ্বল বৰাই আঁত ধৰা আৰু গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড৹ পুতুল চন্দ্ৰ শইকীয়াই সভাপতিত্ব কৰা মুকলি সভাত উদ্বোধক হিচাপে উপস্থিত থাকে দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক দিনেশ গগৈ । বিদ্যালয় প্ৰধান যোগেশ্বৰ দাসে আদৰণি ভাষন আগবঢ়ায় বিদ্যালয় খনৰ চমু ইতিহাস অৱগত কৰে। 



মুখ্য অতিথি হিচাপে উপস্থিত থকা কাজিৰঙা লোকসভা সমষ্টিৰ মাননীয় সাংসদ কামাখ্যা প্ৰসাদ তাছাই বৰ্তমান চৰকাৰী বিদ্যালয়ৰ গুণগত মান উন্নত হোৱৰ কথা উল্লেখ কৰি শিক্ষক শিক্ষয়িত্ৰীসকলক শৈক্ষিক ক্ষেত্ৰত অধিক মনোনিবেশ কৰিবলৈ পৰামৰ্শ দিয়াৰ লগতে অভিভাৱক অভিভাৱিকা সকল‌ক ছাত্ৰ ছাত্ৰীৰ প্ৰতি অধিক যত্নবান হ'বলৈ আহ্বান জনায় । সন্ধ্যালৈ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানটোৰ দিনযোৰা কাৰ্যসূচীৰ সামৰণি মৰা হয় । কাৰ্য্যসূচীৰ সফল ৰূপায়নৰ বাবে সোণালী জয়ন্তী উদযাপন সমিতিয়ে উপস্থিত ৰাইজ আৰু অনান্য সকলোকে ধন্যবাদ জ্ঞাপন কৰিছে।



No comments