দুই সহস্ৰাধিক 'অইল ভিডিপি' ৰূপী সুৰক্ষা কৰ্মীক প্ৰতাৰণা কৰিছে মহাৰত্ন কোম্পানী অইল ইণ্ডিয়াই
দুই সহস্ৰাধিক 'অইল ভিডিপি' ৰূপী সুৰক্ষা কৰ্মীক প্ৰতাৰণা কৰিছে মহাৰত্ন কোম্পানী অইল ইণ্ডিয়াই। ৮ এপ্ৰিললৈকে অইলক সময়সীমা বান্ধি দিলে। সুৰক্ষা কৰ্মীয়ে। দৈনিক এশ টকা হাজিৰা দি বিগত ২২ বছৰে খটোৱাই সোণালী জীৱন ধ্বংস কৰিলে থলুৱা নিৱনুৱাৰ। এয়া মানৱাধিকাৰ খৰ্ব কৰা হৈছে- 'আপকু'
ৰবীন মৰাণ, পেঙেৰী, ৬ এপ্ৰিলঃ প্ৰায় দুই সহস্ৰ 'অইল ভিডিপি' ৰূপী সুৰক্ষা কৰ্মীক মহাৰত্ন কোম্পানী অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানীয়ে যুগ যুগ ধৰি বঞ্চনা-প্ৰতাৰণা কৰি অহাৰ অভিযোগ নতুন নহয়। উল্লেখ্য যে অইল ইণ্ডিয়াৰ অভিযান এলেকাৰ অধীনস্থ ডিব্ৰুগড়, তিনিচুকীয়া আৰু চৰাইদেউ জিলাৰ সহস্ৰাধিক 'অইল ক্ষতিগ্ৰস্ত' নিৱনুৱাই অইল ইণ্ডিয়া লিমিটেড আৰু অসম গেছ কোম্পানী লিমিটেডত বিগত ২০০২-২০০৪ বৰ্ষৰ পৰা সুৰক্ষা কৰ্মী হিচাপে নিযুক্ত হৈ আছে। চৰকাৰ আৰু আলফাৰ সংঘাত কালত জিলা কেইখনৰ স্পৰ্শকাতৰ অঞ্চলবিশেষত সংঘৰ্ষৰ মোকাবিলা কৰিবলে নিযুক্ত কৰা হৈছিল 'নিৰস্ত্ৰ' অইল ক্ষতিগ্ৰস্ত নিৱনুৱা যুৱকসকলক। বিপদসংকুল স্থানসমূহত অৱস্থিত অইলৰ তেলখাদ, জংচন, উৎপাদন থলী, পাইপ লাইন, ইনডাইৰেক্ট হীটাৰ ইত্যাদিত সুদীর্ঘ ২২-২৩ বছৰ ধৰি বিভিন্ন সংঘাত, প্ৰত্যাহ্বান নেওচি দুয়োটা কোম্পানীৰ সম্পদ ৰক্ষণাবেক্ষণ দি আহিছে। উল্লেখনীয় যে অইল ইণ্ডিয়াত স্থায়ীভাৱে নিযুক্ত অৱসৰপ্ৰাপ্ত আৰু প্ৰয়াত সুৰক্ষাকৰ্মীৰ হুবহু কৰ্ম আৰু স্থানত সম্প্ৰতি এশ টকীয়া দৈনিক হাজিৰা প্ৰাপক 'অইল ভিডিপি বাহিনী'ৰ যুৱক সকলেই সুৰক্ষাৰ দায়িত্ব পালন কৰিব লগা হৈছে। কিন্তু অতি পৰিতাপৰ বিষয় যে লক্ষ টকীয়া দৰমহা প্ৰাপক অইলৰ মূল সূঁতিৰ সুৰক্ষা বাহিনীৰ লোকে পালল কৰা দায়িত্বই মূৰ পাতি লোৱা 'অইল গাওঁৰক্ষী বাহিনী' (অইল ভিডিপি) ৰূপী থলুৱা যুৱক সকলক ২৪ ঘণ্টীয়া দুৰ্বিষহ সেৱাৰ বিনিময়ত এশ টকাৰ দৈনিক হাজিৰা প্ৰদান কৰি আহিছে। অইল ইণ্ডিয়াৰ এনে কৰ্ম-কাণ্ডই আচলতে মানৱাধিকাৰ উলংঘন কৰিছে বুলি মন্তব্য কৰিছে সাংবাদিক সংগঠন 'আপকু'ৰ তিনিচুকীয়া জিলা সমিতিয়ে। সংগঠনটোৰ সম্পাদক দীপেন লহকৰে কয় যে সাম্প্রতিক কালৰ মূল্যবৃদ্ধিৰ দিনত নগন্য পৰিমাণৰ পাৰিতোষিকৰ বিনিময়ত থলুৱা নিৱনুৱা যুৱক সকলৰ সোণালী যৌৱন কাঢ়ি লোৱাৰ অধিকাৰ নাই অইল ইণ্ডিয়া লিমিটেডৰ দৰে মহাৰত্ন কোম্পানীৰ। 'ডিব্ৰু-চৈখোৱা কিম্বা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান আদিৰ গভীৰত নিৰস্ত্ৰ সুৰক্ষা বাহিনীৰ ধাৰণাটোৱেই হাস্যকৰ।' লহকৰে কয়। অইল ভিডিপি ৰূপী ক্ষুব্ধ সুৰক্ষা কৰ্মীসকলৰ মতে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰিও ঘন জংঘলকে আদি কৰি কোম্পানী দুটাৰ বিভিন্ন স্থানত অৱস্থিত বৃহৎ বৃহৎ সম্পত্তিসমূহ ৰক্ষণাৱেক্ষণ দিয়াত তেওঁলোকে কোনোদিনেই গাফিলতি কৰা নাই। কৰ্মীসকলে দায়িত্ব সহকাৰে কৰ্তব্য পালন কৰি অহাৰ বাবেই উক্ত সম্পত্তি সমূহ বৰ্তমানেও সুৰক্ষিত হৈ আছে। উল্লেখনীয় কথাটো হ'ল সুদীৰ্ঘ ২২-২৩ বছৰ ধৰি অইল ইণ্ডিয়াত সেৱা আগবঢ়াই থকাৰ ফলত উক্ত যুৱক সকলৰ অন্য চাকৰিৰ বাবে আবেদনৰ বয়সো অতিক্ৰম হৈছে। ইফালে নগণ্য পৰিমাণৰ পাৰিতোষিককেইটাও মাহটোৰ দ্বিতীয় পষেকত প্ৰদান কৰা হয় সংশ্লিষ্ট থানাসমুহৰ জৰিয়তে। অভিযোগ মতে অইল গাঁওৰক্ষী বাহিনী ৰূপে অভিনৱ ৰূপত নামকৰণ কৰা অইলৰ এইসকল সুৰক্ষা কৰ্মীৰ নগুৰ-নাকতি হোৱাত অন্যতম ভূমিকা আছে গাঁওৰক্ষী সংগঠনৰ সংশ্লিষ্ট চক্ৰ সংগঠক (চিঅ' ভিডিঅ') সকলৰো। তথাপি দৰিদ্ৰতা নিবাৰণৰ হেতু অইল ইণ্ডিয়াৰ সুমতি উদয় হোৱাৰ আশাত, ভৱিষ্যত জীৱন সুৰক্ষিত কৰাৰ লক্ষ্যৰে এইসকল দুৰ্ভগীয়াই অইল আৰু গেছ কোম্পানীৰ সুৰক্ষা কার্যত নিয়োজিত হৈ আছে। প্ৰতিদিনৰ পাৰিতোষিক এশ টকাৰ পৰিৱৰ্তে যথোচিত (অন্ততঃ অইল ইণ্ডিয়াৰ দৈনিক মজুৰিৰ নীতি অনুসৰি ন্যূনতম মজুৰি) প্ৰদান কৰি অইল ভিডিপি ৰূপী কৰ্মীসকলৰ ভৱিষ্যত সুৰক্ষিত কৰিবলৈ যাৱতীয় পৰিকল্পনা যুগুতাবলৈ কোম্পানী দুটাক বাধ্য কৰাবলৈ অনুৰোধ জনাই সুৰক্ষা কৰ্মীৰ আহ্বায়ক সমিতিৰ হৈ একৈশ গৰাকী ব্যক্তিয়ে স্বাক্ষৰ কৰি অসমৰ মুখ্যমন্ত্ৰীক স্মাৰকপত্ৰও প্ৰদান কৰিছিল। উক্ত ব্যক্তিসকল আছিল ক্ৰমে বিনোদ কোঁৱৰ, অতুল নেওগ, ভবেন সোণোৱাল, নিখিল সোণোৱাল, সীমান্তজ্যোতি গগৈ, পবিত্ৰ গোঁহাই, ৰুদ্ৰ কোঁৱৰ, বিপুল চুতীয়া, বিতুল দাস, সুজিৎ হাতীৰুৱা, দীপক বৰশইকীয়া, দন্দেশ্বৰ হাজৰিকা, প্ৰশান্ত গোঁহাই, বিজু গগৈ, ভূবন ফুকন, বসন্ত বৰুৱা, হিৰুপ্ৰসাদ গগৈ, চম্পাৱতী গোঁহাই, দীপক গগৈ, যদুমনি দত্ত, ৰঞ্জন বৰুৱা আৰু কনক চেতিয়া। এইসকল সুৰক্ষাকৰ্মীয়ে কত আৱেদন-নিৱেদন, অৱস্থান, বিক্ষোভ, আলোচনা আদি কৰিলে তাৰ সংখ্যা নাই। বিগত বৰ্ষৰ ৬ আগষ্ট তাৰিখে (৬/৮/২০২৪) অইলৰ নিৰাপত্তাৰক্ষীৰ সভাগৃহত অনুষ্ঠিত ডিব্ৰুগড় জিলাৰ অতিৰিক্ত উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক, অইলৰ নিৰাপত্তা বিভাগৰ উচ্চ পদস্থ বিষয়া আৰু অইল ভিডিপিৰ সতে অনুষ্ঠিত ত্ৰিপাক্ষিক আলোচনাৰ অন্তত সহমতত উপনীত হৈছিল যে অসম চৰকাৰ আৰু অসম আৰক্ষীৰ কোনো আপত্তি নাথাকিলে অইলৰ তৰফৰ পৰা মজুৰিৰ উচিত মূল্য দিয়াত আপত্তি নাই। ইতিমধ্যে অসম বিধান সভাৰ পবিত্ৰ সদনৰ মজিয়াত ডিগবৈ বিধানসভা সমষ্টিৰ বিধায়ক সুৰেন ফুকনেও অইল আৰু অসম গেছ কোম্পানীত কৰ্মৰত গাওঁৰক্ষী বাহিনীৰ অতি দৰিদ্ৰ কৰ্মীসকলৰ পাৰিতোষিক বৃদ্ধিৰ বিষয়টো বলিষ্ঠভাৱে উপস্থাপন কৰিছিল। অভিযোগ মতে এই সুৰক্ষা কৰ্মী সকলৰ মাজৰে স্বয়ম্ভূ সভাপতি-সম্পাদক জনৈক পাঠক আৰু দত্তই ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ত গোচৰ (নম্বৰ- ডব্লিউ পি (চি) ৪০৬২/ ২০১৯) তৰাৰ নামত সদস্যসকলৰ পৰা সংগ্ৰহ কৰা প্ৰায় ১৯ লক্ষ টকাৰ হিচাপ নাই। অইল সুৰক্ষা কৰ্মীসকলে অহা ৮ এপ্ৰিল তাৰিখৰ ভিতৰত অইলৰ পৰা দাবী পূৰণৰ সেউজ সংকেত নাপালে তীব্ৰ আন্দোলন কৰিব বুলিও হুংকাৰ দিছে।
No comments