স্থানীয় প্ৰতিভাৰ বিকাশৰ উদ্দেশ্যে “ৰসজ্ঞ”ৰ অভিযান আৰম্ভ, অনলাইন গুগল মিট সভাৰ জৰিয়তে সংগঠিত এক গঠনমূলক আলোচনা সভা
ডিজিটেল ডেস্কঃ স্থানীয় সাহিত্য, সংস্কৃতি, আৰু কলা জগতৰ প্ৰতিভাবান ব্যক্তিসকলক উৎসাহিত কৰা তথা তেওঁলোকক আত্মনির্ভৰশীলতাৰ দিশত আগবঢ়োৱাৰ লক্ষ্য লৈ “ৰসজ্ঞ” শীৰ্ষক এখন গঠনমূলক অনুষ্ঠান সোমবাৰে অনলাইন গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হৈ যায়। এই সভাখনৰ আঁত ধৰে মিন্টু (অভিজ্ঞান) বৈশ্য আৰু পৰিচালনাৰ দায়িত্ব পালন কৰে ত্ৰাতৃ এপʼৰ স্বত্বাধিকাৰী ত্ৰিদীপ বৰুৱাই। অনুষ্ঠানত অংশগ্ৰহণ কৰে ৰেখা ৰাণী বৰ্মন, মালবিকা শৰ্মা, মঞ্জু ৰাণী দাস, মৃদুস্মিতা শৰ্মা, গৌতম গায়ন, দৃলীনা কাশ্যপ, ত্ৰিদীপ বৰা, পাপৰি দেৱী, জেউতি শিখা, ৰুণু দেৱী শৰ্মা, দিশান্ত ডেকা, শিল্পী দাস, বিকি গগৈ, ৰাবিয়া খাতুন, নিবেদিতা শইকীয়া আদিসহ বহু বিশিষ্ট ব্যক্তিয়ে।
সভাখনত “ৰসজ্ঞ” গোটৰ সংবিধান, লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কে বিস্তৃত আলোচনা কৰা হয়। মুখ্য উদ্দেশ্য ৰূপে স্থানীয় প্ৰতিভাসকলৰ বাবে এখন মঞ্চ প্ৰদান কৰি তেঁওলোকৰ প্ৰতিভাক আত্মনির্ভৰশীলতাৰ দিশত আগবঢ়োৱা লক্ষ্য ৰূপে উল্লেখ কৰা হয়। এই উদ্দেশ্যত তিনিটা স্তৰৰ (কেন্দ্ৰীয়, জিলা আৰু স্থানীয়) গঠন কাঠামো নিৰ্ধাৰণৰ লগতে কাৰ্যকৰী কমিটী গঠন কৰাৰ আলোচনা অনুষ্ঠিত হয়। সভাখনত ত্ৰিদীপ বৰুৱাই “ৰসজ্ঞ” নামত এটা ৱেবছাইট উদ্বোধনৰ কথা ঘোষণা কৰে আৰু এটা স্থায়ী কাৰ্যালয় স্থাপন কৰাৰ কথাও উল্লেখ কৰে, যাক সকলোৰে সহমতে গ্ৰহণ কৰা হয়।
“ৰসজ্ঞ”ৰ এই পদক্ষেপে অসমীয়া সাহিত্য, কলা আৰু সংস্কৃতিৰ নতুন যুগৰ আৰম্ভণি ঘটাব বুলি আশা প্ৰকাশ কৰা হয়।
Post Comment
No comments