Breaking News

দক্ষিণ দক্ষিণহেঙেৰা গাঁও পঞ্চায়তৰ ৯নং ৱাৰ্ডত বিনা প্ৰতিদ্বন্দিতাৰে জয় লাভ মনদীপা দত্তৰ



ডিজিটেল সংবাদ, গোলাঘাটঃ অহা ২ মেত প্ৰথম পৰ্যায়ৰ পঞ্চায়ত নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়া আৰম্ভ হব। ইয়াৰ মাজতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন ৰাজনৈতিক দলৰ লগতে একাধিক নিৰ্দলীয় প্ৰাৰ্থীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰ নিজা জিলা পৰিষদ, ৱাৰ্ড আদি জয়লাভ কৰিবলৈ সক্ষম হৈছে। ঠিক সেইদৰে ১০৪ নং দেৰগাঁও বিধান সভা সমষ্টিৰ দক্ষিণ দক্ষিণহেঙেৰা গাঁও পঞ্চায়তৰ অন্তৰ্গত ৯নং ৱাৰ্ডৰ প্ৰাৰ্থীগৰাকীয়ে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয়লাভ কৰে। জয়লাভ কৰিবলৈ সক্ষম হয় শিয়ালেখাটী গাঁৱৰ নিবাসী বিজেপিৰ মনোনীত প্ৰাৰ্থী মনদীপা দত্তই। উল্লেখ্য যে, ৱাৰ্ডটোত কোনো অন্য দলৰ প্ৰতিদ্বন্দ্বী নথকাত বিনা প্ৰতিদ্বন্দ্বিতাই ৱাৰ্ডটোৰ পৰা জয়লাভ কৰিবলৈ সক্ষম হয় প্ৰাৰ্থীগৰাকী।  

No comments