Breaking News

গোলাঘাটৰ কেইজনমান কুইজপ্ৰেমী কিশোৰ কিশোৰীৰ ব্যতিক্ৰমী প্ৰয়াস: জিলা ভিত্তিক কুইজ প্ৰতিযোগিতা 'জ্ঞানোন্মেষ'ৰ আয়োজন



ডিজিটেল সংবাদ, গোলাঘাটঃ সদ্য সমাপ্ত হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হোৱা গোলাঘাটৰ কেইজনমান ছাত্ৰ -ছাত্ৰী যিসকল কুইজৰ প্ৰতি সাংঘাতিক আগ্ৰহী, হাইস্কুলীয়া জীৱনত বিভিন্ন কুইজ প্ৰতিযোগিতালৈ গৈ পুৰস্কাৰ বুটলি আনিছে। ৰূপালী জয়ন্তী বৰ্ষত ভৰি দিয়া গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়ৰ  এই কুইজপ্ৰেমী ছাত্ৰ ছাত্ৰী সকলে বিগত বৰ্ষত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কুইজপ্ৰেমী ছাত্ৰ ছাত্ৰী সকলৰ সৈতে একাত্ম হৈ বৌদ্ধিক কচৰৎ কৰাৰ অন্যতম মাধ্যম কুইজৰ নিয়মিত ভাৱে চৰ্চা অব্যাহত ৰখাৰ উদ্দেশ্যে ' জ্ঞানোত্তৰণ ' নামেৰে এক অনলাইন কুইজ গোট খুলিছিল।  সেই কুইজ গোটটোৰ প্ৰথম বাৰ্ষিকী উপলক্ষে অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে আন্তঃ জিলা ভিত্তিক এখনি কুইজ প্ৰতিযোগিতা।  জ্ঞানোত্তৰণৰ উদ্যোগত আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ সহযোগত অহা ৫ এপ্ৰিলত গোলাঘাট জাতীয় বিদ্যালয়ৰ যোগেন পুণ্যপ্ৰভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হ'ব ' জ্ঞানোন্মেষ ' শীৰ্ষক আন্তঃ জিলা ভিত্তিক কুইজ প্ৰতিযোগিতা। দ্বাদশ শ্ৰেণীলৈকে মুকলি এই কুইজ প্ৰতিযোগিতাত একোখন শিক্ষানুষ্ঠানৰ পৰা একাধিক দলে অংশগ্ৰহণ কৰিব পাৰিব।  প্ৰতিটো দলক দুজনকৈ সদস্য থাকিব লাগিব। দুখন ভিন্ন শিক্ষানুষ্ঠানৰ প্ৰতিযোগীৰেও দল গঠন কৰিব পাৰিব। প্ৰাইজমাণি এই কুইজ প্ৰতিযোগিতাত প্ৰতিটো দলৰ যোগদানৰ মাচুল এশ টকা নিৰ্দ্ধাৰণ কৰা হৈছে। ইচ্ছুক প্ৰতিযোগীয়ে সবিশেষ জানিবলৈ ৭০৮৬৩০৮২০১, ৯৩৬৫৪৬৮১০৫ আৰু ৯৩৬৫৮৫৮৪৬৫ নম্বৰত যোগাযোগ কৰিব পাৰে।

No comments