Breaking News

গোলাঘাটৰ জীয়ৰী, ৰাজস্থানৰ বোৱাৰী স্নেহা মহেশ্বৰীৰ কৃতিত্ব



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ জেহিৰুল হুছেইন পথৰ বাসিন্দা প্ৰয়াত সত্য নাৰায়ণ নাগৰী আৰু দৈনিক পূৰ্বোদয় কাকতৰ সাংবাদিক মীনা নাগৰীৰ জীয়ৰী তথা ৰাজস্থানৰ কুচামন জিলাৰ নিবাসী সত্য নাৰায়ণ গট্টানী আৰু কৌশল্যা গট্টানীৰ বোৱাৰী আৰু পৱন গট্টানীৰ পত্নী স্নেহা মহেশ্বৰীয়ে উদ্ভিদ বিজ্ঞান বিভাগত প্ৰথম শ্ৰেণীৰ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে। ৰাজস্থানৰ আজমেৰ স্থিত মহৰ্ষি দয়ানন্দ সৰস্বতী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মাৰোৱাৰ পি জি কলেজ,  কুচামনৰ পৰা স্নেহা মহেশ্বৰীয়ে উদ্ভিদ বিজ্ঞান বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে।  মাৰোৱাৰ পি জি কলেজৰ সভাপতি বানোৱাৰী লাল পাচাৰ, সম্পাদক চুলতান সিং থালোড়, কোষাধ্যক্ষ সুনীল বিজাৰনীয়া আৰু অধ্যক্ষ ড০ এছ আৰ কুমাৱটে স্নেহাক স্নাতকোত্তৰ ডিগ্ৰী আৰু স্বৰ্ণ পদক আগবঢ়ায়। গোলাঘাটৰ খ্ৰীষ্টান হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত,  ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা স্নেহা মহেশ্বৰীয়ে পৰৱৰ্তী সময়ত বিজ্ঞানৰ স্নাতক,  বাণিজ্যৰ স্নাতকোত্তৰ,  আইনৰ স্নাতক, বি এড আদি কেইবাটাও ডিগ্ৰী অৰ্জন কৰিবলৈ সক্ষম হয়। স্নেহা মহেশ্বৰী বৰ্তমান ৰাজস্থানৰ জ্ঞান সাগৰ পাব্লিক স্কুলৰ অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। দুটা সন্তানৰ মাতৃ স্নেহা মহেশ্বৰী আন দহগৰাকী মহিলাৰ বাবে আদৰ্শস্বৰূপ যিয়ে ঘৰ সংসাৰৰ দায়িত্ব সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে শিক্ষাৰ প্ৰতি থকা নিজৰ আগ্ৰহ আৰু সদিচ্ছাৰ বলত এইদৰে উচ্চ শিক্ষাৰ এটাৰ পিছত আন এটা ডিগ্ৰী লাভ কৰি গৈ আছে।

No comments