ৰিলায়েন্স ফেষ্ট সম্পন্ন
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সপ্তাহ ' ৰিলায়েন্স ফেষ্ট ' অলপতে অনুষ্ঠিত হৈ যায়। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিঙৰ বিয়োগ ঘটাৰ পৰিপ্ৰেক্ষিতত ' ৰিলায়েন্স ফেষ্ট ' ৰ পূৰ্ব নিৰ্দ্ধাৰিত কাৰ্যসূচী সলনি কৰি কিছু পলমকৈ অনুষ্ঠিত কৰা হয়। যোৱা ৩ জানুৱাৰীত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ বাকৰিত এই বাৰ্ষিক ক্ৰীড়া আৰু সাংস্কৃতিক সপ্তাহৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। উক্ত অনুষ্ঠানত ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ ৰেক্টৰ ড০ তোলেন্দ্ৰনাথ হাজৰিকা, অধ্যক্ষা প্ৰিয়ংকা শইকীয়া দাস, উপাধ্যক্ষ লক্ষ্যজিৎ দুৱৰা আৰু জ্যেষ্ঠ শিক্ষক ৰাতুল শইকীয়াক মঞ্চত আসন গ্ৰহণ কৰোৱা হয় আৰু সম্বৰ্দ্ধনা জ্ঞাপন কৰা হয়। উক্ত অনুষ্ঠানতে ' ৰিলায়েন্স ফেষ্ট ' ৰ বিভিন্ন ক্ৰীড়া আৰু সাংস্কৃতিক প্ৰতিযোগিতাৰ বিজয়ী সকলক বঁটা প্ৰদান কৰা হয়। লগতে চলিত বৰ্ষৰ ' মিষ্টাৰ ৰিলায়েন্স ' খিতাপ প্ৰদান কৰা হয় উদীপ্ত শইকীয়াক আৰু ' মিছ ৰিলায়েন্স ' ৰ খিতাপ প্ৰদান কৰা হয় ঈষা ঘোষক। শিক্ষানুষ্ঠান খনৰ বাণিজ্য বিভাগৰ জ্যেষ্ঠ শিক্ষক অমিত নাগৰীয়ে আঁত ধৰা বঁটা প্ৰদান অনুষ্ঠানৰ অন্তত শিক্ষানুষ্ঠান খনৰ পৰা আগন্তুক হাইস্কুল শিক্ষান্ত পৰীক্ষা তথা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব লগীয়া শিক্ষাৰ্থী সকলক বিদায় সম্বৰ্দ্ধনা জনোৱা হয়। ইয়াৰ পিছতে এক সাংস্কৃতিক অনুষ্ঠানৰ আয়োজন কৰা হয়। শিক্ষক পাৰ্থ প্ৰতীম বিশ্বাসীয়ে আঁত ধৰা এই সাংস্কৃতিক অনুষ্ঠানত শিক্ষানুষ্ঠান খনৰ শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰী সকলে বিভিন্ন নৃত্য গীত প্ৰদৰ্শন কৰে।
No comments