গোলাঘাটৰ বীৰাংগনা সতী সাধনা বিশ্ববিদ্যালয়ত তিনিদনীয়া কৰ্মশালা
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ বীৰাংগনা সতী সাধনা বিশ্ববিদ্যালয়ত "বহনক্ষম কৃষিৰ সুযোগ আৰু প্ৰত্যাহ্বান অন্বেষণ আৰু ক্ষুদ্ৰ পৰিসৰত খেতি কৰোঁতাসকলৰ বাবে শস্য খেতি আৰু বিপণন কৌশল শীৰ্ষক তিনিদিনীয়া কৰ্মশালাৰ আজিৰে পৰা আৰম্ভ হয়। বিশ্ববিদ্যালয়খনৰ উদ্যোগত জয়পুৰৰ চৌধুৰী চৰণ সিং ৰাষ্ট্ৰীয় কৃষি বিপণন প্ৰতিষ্ঠান আৰু চাহ আৰু প্ৰাক্তন চাহ বাগিচা শ্ৰমিক উন্নয়ন সংস্থাই সহযোগিতা আগবঢ়ায়। অনুষ্ঠানটো বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জি সিঙ্গাইয়াই উদ্বোধন কৰে আৰু বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক উদয় কুমাৰ খানিকৰ, পিইউএম নেদাৰলেণ্ডৰ অদিতি চেতিয়া, প্ৰগতিশীল চাহ কৃষক মনোজ কুৰ্মী, গোলাঘাট জিলা কৃষি কাৰ্যালয়ৰ সহকাৰী সঞ্চালক ৰঞ্জন বৰুৱা, সাংবাদিক অপুৰ্ব বল্লব গোস্বামী আৰু মৰিয়নী মহাবিদ্যালয়ৰ উদ্ভিদ বিজ্ঞান বিভাগৰ অধ্যাপক ড০ ৰাজ কুমাৰ গোহাঁই বৰুৱাৰ দৰে বিশিষ্ট বক্তাসকলে অংশগ্ৰহণ কৰে। প্ৰায় ৪০ গৰাকী অংশগ্ৰহণকাৰীয়ে অংশগ্ৰহণ কৰে আজি এই কৰ্মশালাত। ড০ গোহেন বৰুৱাই বহনক্ষম কৃষিৰ ওপৰত উপস্থাপন কৰি অৰ্থনীতি আৰু পৰিৱেশ বিজ্ঞানৰ মাজত ভাৰসাম্যৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে শস্যৰ বৈচিত্ৰতা আৰু পৰিৱৰ্তনৰ ওপৰত গুৰুত্ব আৰোপ কৰি বক্তব্য প্ৰদান কৰে।
চাহ আৰু প্ৰাক্তন চাহ বাগিচা শ্ৰমিক উন্নয়ন সংস্থাৰ সাধাৰণ সম্পাদক অশ্বিনী কুমাৰ তাছাই চৌধুৰী চৰণ সিং ৰাষ্ট্ৰীয় কৃষি বিপণন প্ৰতিষ্ঠানৰ প্ৰতি তেওঁলোকৰ সমৰ্থনৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰে আৰু উত্তৰ-পূৰ্বাঞ্চলত এইক্ষেত্ৰত সহযোগিতা বাবে অনুৰোধ জনায়।
No comments