ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত "ভাৰতীয় ভাষা উৎসৱ"পালন
ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট ফণীধৰ বৰদলৈ উচ্চ মাধ্যমিক বিদ্যালয়ত আজি "ভাৰতীয় ভাষা উৎসৱ"পালন কৰা হয়। বিদ্যালয় প্ৰেক্ষাগৃহত আয়োজন কৰা সভাত এই উৎসৱৰ তাৎপৰ্য্যপূৰ্ণ ব্যাখ্যা আগবঢ়াই শিক্ষক ৰূপজ্যোতি ফুকনে। তেখেতে ছাত্ৰ ছাত্ৰীসকলক আপোন মাতৃভাষাক আন্তৰিকতাৰে চৰ্চা আৰু ব্যৱহাৰ কৰিলেহে ভাষা চহকী হ'ব আৰু তেতিয়াহে এই উৎসৱ উদযাপনৰ সাৰ্থকতা থাকিব। বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী মিনাক্ষী নাথ বৰাই আঁতধৰা সভাত বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে নৱকান্ত বৰুৱা, নলিনীবালা দেৱী আৰু চন্দ্ৰকুমাৰ আগৰৱালাৰ নিৰ্দ্ধাৰিত একোটিকৈ কবিতা আবৃত্তি কৰে।জ্যেষ্ঠ শিক্ষয়িত্ৰীদ্বয় হিমাদ্ৰী গগৈ,কেৰিমা চুলতানা, প্ৰদীপ শৰ্মা তামুলীৰ লগতে সহকাৰী শিক্ষয়িত্ৰী বন্তি শইকীয়া,প্ৰণামিতা বৰা, দিব্যাজ্যোতি ঠাকুৰীয়া আৰু বৰ্ণালী চৌধুৰীয়ে অংশগ্ৰহণ কৰি ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰে।
No comments