ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতি গঠন।
ডিজিটেল সংবাদ, গোলাঘাটঃ দেওবাৰে ভাৰতীয় মজদুৰ সংঘৰ উদ্যোগত আৰু ভাৰতীয় চাহ মজদুৰ সংঘৰ সহযোগত গোলাঘাটৰ পোৰাবাংলাত এখনি সাধাৰণ সভা অনুষ্ঠিত কৰা হয় l সভাখনত ভাৰতীয় মজদুৰ সংঘৰ অসম প্ৰদেশ সমিতৰ সাধাৰণ সম্পাদক ভাস্কৰ দাস, কাৰ্য্যকৰী সভাপতি ৰাজীব বৰা,ভাৰতীয় মজদুৰ সংঘৰ গোলাঘাট জিলাৰ সম্পাদক ডেভিদ ঠেঙাল, কাৰ্য্যকৰী সভাপতি সঞ্জীৱ লোহাৰ আদি উপস্থিত থাকে। পূৰ্বৰ চাহ মজদুৰ সংঘৰ সমিতিয়ে সংবিধান বিৰোধী কাৰ্য্যত লিপ্ত থকাৰ পৰিপ্ৰেক্ষিতত ভাৰতীয় মজদুৰ সংঘৰ অসম প্ৰদেশ সমিতিৰ গুৱাহাতীত অনুষ্ঠিত হৈ যোৱা কাৰ্য্যনিৰ্বাহক সভাত লোৱা সিধান্ত মৰ্মে ভাৰতীয় চাহ মজদুৰ সংঘৰ অসম প্ৰদেশ সমিতি ভংগ কৰি দি অনুষ্ঠিত হোৱা সাধাৰণ সভাত ভাৰতীয় চাহ মজদুৰ সংঘৰ সভাপতি ৰামা ৰাওক সভাপতি আৰু মুকেশ জালক সম্পাদক হিচাপে লৈ ৩১ জনীয়া ভাৰতীয় চাহ মজদুৰ সংঘৰ ৰাজ্যিক সমিতিখন গঠন কৰা হয়।
No comments