Breaking News

সংখ্যালঘু লোকসকলৰ মাজত নিচাযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে একগোট হ’ল সংখ্যালঘু মহিলা



ডিজিটেল সংবাদ, গোলাঘাটঃ সংখ্যালঘু লোকসকলৰ মাজত নিচাযুক্ত সামগ্ৰীৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে একগোট হ’ল সংখ্যালঘু মহিলা ৷ গোলাঘাটৰ একেখন মঞ্চত একগোট হ’ল দুই শতাধিক সংখ্যালঘু মহিলা ৷ সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা(খিলঞ্জীয়া) ৰ উদ্যোগত গোলাঘাটত গঠন সংখ্যালঘু মহিলা সমিতি ৷ বৰ্তমান সমাজত অতি ভয়াবহভাৱে বৃদ্ধি পোৱা নিচাযুক্ত সামগ্ৰী বিৰুদ্ধে গোলাঘাটত একগোট হ’ল সংখ্যালঘু মহিলা সমাজ ৷ সংখ্যালঘু এলেকাত অতি মাত্ৰা বৃদ্ধি পোৱা বিশেষকৈ অবৈধ ড্ৰাগছৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত আৰক্ষীক সহযোগ কৰিবলৈ আগবাঢ়ি ওলাই আহিলা দুই শতাধিক সংখ্যালঘু মহিলা ৷ মহিলাসকলৰ একমাত্ৰ উদ্দেশ্য নিজৰ এলেকাত নিচাযুক্ত সামগ্ৰীৰ বিৰুদ্ধে একগোট হৈ এটা সুষ্ঠ বাতাবৰণ গঢ়ি তোলাৰ ৷ বৰ্তমান নৱপ্ৰজন্মৰ একাংশ নিচাযুক্ত সামগ্ৰীৰ প্ৰতি আকৃষ্ট হোৱাক লৈ চিন্তিত হৈ পৰিছে এইসকল সংখ্যালঘু মহিলা ৷ এইসকল মহিলাৰ মতে কিছুমান অসৎ মানসিকতাৰ মানুহৰ বাবেই সমগ্ৰ সংখ্যালঘু লোকসকল বদনামত পৰিব লগা হয় ৷ যাৰ বাবে গোলাঘাটৰ পৰাই এইসকল সংখ্যালঘু মহিলাই সমাজখনৰ বাবে অসৎ কৰ্ম ৰোধিবলৈ বিশেষ প্ৰচেষ্টা হাতত লোৱাৰ কথা উল্লেখ কৰে ৷ গোলাঘাটৰ এমেচাৰ থিয়েটাৰ চচাইটি প্ৰেক্ষাগৃহত অনুস্থিত সংখ্যালঘু মহিলা সমিতি গঠন অনুষ্ঠানত এখন শক্তিশালী সমিতি গঠন কৰা হয় ৷আজি অনুস্থিত সদৌ অসম সংখ্যালঘু খিলঞ্জীয়া মহিলা সমিতিৰ সভানেত্ৰী হিচাপে কাবেৰী শইকীয়া হুছেইনক আৰু যুটীয়াসম্পাদিকা হিচাপে আকৃদা ফাৰুকী, শ্বেহনাজ চুলতানাক লৈ ৪১ জনীয়া পূনাংগ সমিতি গঠন কৰা হয় ৷

No comments