শিলনীজান শাখা কবি সন্মিলনৰ নতুন কমিটি গঠন
ডিজিটেল সংবাদ, শিলনীজানঃ শনিবাৰে শিলনীজান লেখিকা সমাৰোহ সমিতিৰ কাৰ্য্যালয়ত, শিলনীজান শাখা কবি সন্মিলনৰ এখন সভা অনুষ্ঠিত হয়। উক্ত সভাত শিলনীজান শাখাৰ কবি সন্মিলনৰ ইতিপূৰ্বে দুটা বৰ্ষ পূৰ্ণ কৰা কমিটিখনে কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ বাবে পদত্যাগ কৰে আৰু নতুন কমিটি এখন গঠনৰ বাবে আহ্বান জনায়। সভাত উপস্থিত থকা সকলোৰে সন্মতি ক্ৰমে পুনৰ নিৰ্মল সিঙক সভাপতি আৰু পৰিমিতা গোস্বামীক সম্পাদক হিচাপে দ্বিতীয়টো কাৰ্যকাল চলাবলৈ দায়িত্ব প্ৰদান কৰে। কমিটিখনত চাৰিজন নতুন সদস্যক অন্তৰ্ভুক্ত কৰা হয়। সভাত অনিমা নেওগ বৰুৱা, টেক বাহাদুৰ ছেত্ৰীয়ে শাখাই আগতকৈও দুগুণ উৎসাহেৰে শাখাৰ কাম-কাজবোৰ চলাই নিবলৈ শুভেচ্ছা আৰু উপদেশমূলক ভাষণ প্ৰদান কৰে। সভাত হেমন্ত মাধৱ বৰুৱাই কমিটিত নতুনকৈ অন্তৰ্ভূক্ত হোৱা সহকাৰী সম্পাদক গিৰীশ বৰুৱাক শাখাৰ প্ৰতিটো কামতে পূৰ্ণ সহযোগিতা আগবঢ়াবলৈ অনুৰোধ জনায়। কমিটিত সাংগঠনিক সম্পাদক হিচাপে অন্তৰ্ভূক্ত হোৱা আন এজন নতুন সদস্য প্ৰসাদ নাগবংশীয়ে কমিটিত অন্তৰ্ভূক্ত কৰাৰ বাবে সন্তুষ্টি প্ৰকাশ কৰে। শিলনীজান শাখা কবি সন্মিলনৰ লগত জন্ম লগ্নৰে পৰা জড়িত থকা মেঘালী শৰ্মাক প্ৰচাৰ সম্পাদকৰ দায়িত্ব দিয়া হয়। ন-পুৰণি সদস্যৰ অন্তৰ্ভূক্তিৰে ২০২৪-২৬ বৰ্ষৰ শিলনীজান শাখা কবি সন্মিলনৰ পূৰ্ণাংগ কমিটিখন গঠন কৰা হয়। উপস্থিত সকলৰ একাষাৰৰ পাছত সভাপতিৰ থূলমূল মন্তব্যৰ অন্তত কাব্য মন্ত্ৰ পাঠেৰে আজিৰ সভাৰ সামৰণি পৰে।
No comments