Breaking News

বিশিষ্ট সাংবাদিক, সাহিত্যিক বিকাশ শৰ্মা আৰু নাই



ডিজিটেল সংবাদ, গোলাঘাটঃ যেন ক্ষণিকলৈ স্থবিৰ হ’ল সময়। এই সময় গোলাঘাটৰ সমাজ জীৱনৰ। এই সময় সাংবাদিকতাৰ। অৱশেষত জীৱন যুঁজত যেন ভাগৰি পৰিল এগৰাকী সংবাদযোদ্ধা ! হয় এগৰাকী অক্লান্ত যোদ্ধা । জীৱনৰ অধিকাংশ সময় খবৰৰ পাছত দৌৰি ফুৰা বহুমুখী প্ৰতিভাৰ আকৰ গোলাঘাচৰ জ্যেষ্ঠ সাংবাদিক, শিশু সাহিত্যিক বিকাশ শৰ্মা অৱশেষত নিজেই হৈ পৰিল এটি খবৰ। মঙলবাৰে পুৱাই চৌদিশে নিমিষতে বিয়পি পৰিল এটা অনাকাঙ্খিত খবৰ।  জ্যেষ্ঠ সাংবাদিক, সাহিত্যিক  বিকাশ শৰ্মা আৰু নাই।  দীৰ্ঘদিন ধৰি জটিল ৰোগত আক্ৰান্ত হৈ অসুস্থা হৈ থকা শৰ্মাই আজি পুৱা ৫.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেঁওৰ বয়স হৈছিল ৫৮ বছৰ। প্ৰয়াত শৰ্মাক অন্তিম শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ বাবে গোলাঘাট জিলা সাংবাদিক সংস্থাই ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে । সাংবাদিক সংস্থাৰ কাৰ্যালয়ৰ চৌপদলৈ  শৰ্মাৰ নশ্বৰদেহ লৈ অহা হয় আৰু তাতে বিভিন্ন দল-সংগঠন, সতীৰ্থ সাংবাদিক, শুভাকাংখী ৰাইছে শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে শৰ্মাক। 

১৯৬৬ চনত জন্মগ্ৰহণ কৰা বিকাশ জন্মস্থান নোগোৰাতে প্ৰাথমিক আৰু স্কুলীয়া শিক্ষা সাং কৰিছিল। ইয়াৰ পিছতেই তেখেতে সদৌ অসম ছাত্ৰ সন্থাৰ সৈতেও জড়িত হৈ পৰিছিল। ইয়াৰ পিছতেই সাংবাদিকতাৰ জৰিয়তে বৌদ্ধিকতাৰ সাজ পিন্ধিবলৈ সক্ষম হোৱা শৰ্মাই ১৯৮৮চনত তেজপুৰৰ পৰা প্ৰকাশিত ‘অগ্নিগড়’ আৰু ‘সাদিনীয়া সংবাদ’ৰ যোগেদি তেওঁ সাংবাদিকতাৰ আৰম্ভণি কৰিছিল। 

ইয়াৰ পৰৱৰ্তী সময়ত ১৯৯০চনত তেওঁ যোগদান কৰিছিল দৈনিক অসম কাকতত। ইয়াৰ সমান্তৰালভাৱে ‘আজি অসম’ৰো তেওঁ আছিল গোলাঘাটৰ সংবাদদাতা। তাৰ পৰৱৰ্তী সময়ত দীৰ্ঘদিনৰ বাবে অসমীয়া প্ৰতিদিন কাকতৰ সৈতে জড়িত হৈ পৰিছিল। জন্মলগ্নৰে পৰা জড়িত হৈ পৰা অসমীয়া প্ৰতিদিনত অমৃত্যুক পৰ্যন্ত সংবাদসেৱা আগবঢ়াই গৈছিল। 




সাংবাদিকতাৰ দৃষ্টিকোণেৰে চালে তেখেতে এগৰাকী বলিষ্ঠ কণ্ঠ। সাংবাদিক হিচাপে তেখেতে নিজকে এগৰাকী প্ৰকৃতাৰ্থত নিৰ্ভীক সাংবাদিকৰ পৰিচয় দিবলৈ সক্ষম হৈছিল। আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব দায়ৱদ্ধশীল সাংবাদিকতা শৰ্মাৰ নিচা হৈ পৰিছিল। যদিও পূৰ্বৰ তুলনাত বৰ্তমান সময়ত সাংবাদিক ক্ষেত্ৰত কিছু সলনি হৈছে তথাপি শৰ্মাই নিজৰ নিস্বাৰ্থ আৰু আপোচহীন আৰু সত্যনিষ্ঠ সত্বাটোক ধৰি ৰাখিবলৈ সক্ষম হৈছিল। 

তেখেতৰ সংবাদক্ষেত্ৰত বহু উল্লেখণীয় ঘটনাৰ ভিতৰত ড্ৰাগছৰ সন্ধানত ১৯৯৯ চনত ম্যানমাৰ, ১৯৯৪ চনৰ গোলাঘাটৰ জ্যোতি লোহাৰ পৰিকল্পিত হত্যাকাণ্ড আদি অন্যতম। তেখেত যে কেৱল ছঁপা মাধ্যমৰ সৈতে জড়িত তেনে নাছিল। ৰাষ্ট্ৰীয় নিউজ চেনেল Times Now ৰ  জৰিয়তে দুবছৰ ইলেকট্ৰনিক মাধ্যমতো সংবাদ সেৱা আগবঢ়োৱাৰ অভিজ্ঞতা বুটলিছিল শৰ্মাই।



শৈশৱৰে পৰা প্ৰকৃতি আৰু গ্ৰন্থৰ বিচিত্ৰজগত বিচৰণ কৰা শৰ্মাৰ চিন্তাৰ তৰংগই প্ৰকাশৰ বাট বিচাৰিছিল। লিখিবলৈ আৰম্ভ কৰিছিল প্ৰৱন্ধ, গল্প, কবিতা। গল্প, উপন্যাস ৰচনাত তেওঁ আছিল অনায়াস বিচৰণ। শৰ্মাৰ কলমেৰে প্ৰকাশ পাইছিল  ৰচনা কৰা উপন্যাস- "নামবৰত ৰাজু নিতু আৰু চন্দ্ৰ' আৰু " এখন যুদ্ধ হৈছিল"। দুয়োখন শিশু উপন্যাস সাহিত্য সভাৰ দ্বাৰা সদৌ অসম ভিত্তিত আয়োজিত শিশু উপন্যাস প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ প্ৰাপ্ত। ইয়াৰোপৰি পাপচক্ৰ, বিপ্লৱৰ মহা নায়ক ফিড্ৰেল কাষ্ট্ৰো' আছিল তেওঁৰ দ্বাৰা ৰচিত অন্যতম গ্ৰন্থ।

সংবাদ জীৱনৰ বাবে  অনবদ্য বৰঙণি আগবঢ়োৱা শৰ্মাক কাজিৰঙা আঞ্চলিক সাংবাদিক সংস্থাই ২০২৪ বৰ্ষৰ কাজিৰঙা বঁটা প্ৰদান কৰিছিল। লগতে দ্যা চেণ্টিনেল অনুসন্ধান মূলক সাংবাদিকতা বঁটা, R N Borooah & Prativa Borooah memorial Award, দৈয়াং- ধনশিৰি ভেলী এৰ্ৱাড- ২০১৭, Kazirang Wild Life Conservation Award- 2016, গ্ৰাছ গ্ৰীণ এৱাৰ্ড-২০২৩, সাহিত্য সংস্কৃতিৰ বিকাশ মঞ্চৰ জীৱন জোৰা সাধনা সাংবাদিকতাৰ বঁটা-২০২৩,পৰাগ দাস সাংবাদিকতা বঁটা ২০২৪, উত্তৰ কমাৰবন্ধা গাঁও পঞ্চায়ত বঁটা আদি বিভিন্ন সন্মানেৰে বিভূষিত আছিল বিকাশ শৰ্মা।

জ্যেষ্ঠ সাংবাদিক-শিশু সাহিত্যিক বিকাশ শৰ্মাৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে গোলাঘাটবাসী।  তেখেতৰ মৃত্যুত প্ৰবীণ সাংবাদিক তথা সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক দ্বীপেন দত্ত, জ্যেষ্ঠ সাংবাদিক অপূৰ্ব বল্লভ গোস্বামী, বিধায়ক মৃণাল শইকীয়া, বিজেপি নেতা দেৱজিত বৰা আদি বিভিন্ন ব্যক্তিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে গোলাঘাট জিলা সাহিত্য সভাৰ সভাপতি তফজুল হক বৰবৰা, সম্পাদক বন্তি বৰা, গোলাঘাট সন্মিলিত মটৰ পৰিবহন সন্থাৰ সভাপতি পূৰ্ণ ৰাজখোৱা, মূখ্য উপদেষ্টা  জ্ঞান জ্যোতি নাথ, গোলাঘাট  জিলা টাগ অৱ ৱাৰ  সন্থাৰ সভাপতি জ্ঞানজ্যোতি নাথ, সাধাৰন সম্পাদক শৰৎ শইকীয়া, উপদেষ্টা বিবেকানন্দ হাজৰীকা আদি বিভিন্ন ব্যক্তি অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে। 

গোলাঘাট নগৰত শেষ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ পিছতেই শৰ্মাৰ নশ্বৰ দেহ জন্মস্থান নোগোৰালৈ লৈ যোৱা হয়। প্ৰয়াত শৰ্মাই অধ্যয়ন কৰা কালুজান প্ৰাথমিক বিদ্যালয় আৰু নোগোৰা উচ্চ মাধ্যমিক বিদ্যালয়ত শৰ্মাৰ নশ্বৰ দেহত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে। দৈয়াং নদীৰ পাৰতে শৰ্মাৰ শেষকৃত্য সম্পন্ন কৰা হয়।




No comments