Breaking News

গোলাঘাট জাতীয় বিদ্যালয় প্ৰেক্ষাগৃহত 'জেহিৰুল হুছেইনৰ সাহিত্য কৃতি' শীৰ্ষক এটি মননশীল আলোচনাচক্ৰ, অংশগ্ৰহণ ৰেংলাৰ ড০ অনুপম শইকীয়াৰ



ডিজিটেল সংবাদ, গোলাঘাটঃ নতুন সাহিত্য পৰিষদ, গোলাঘাট শাখাৰ উদ্যোগত শনিবাৰে গোলাঘাট জাতীয় বিদ্যালয় প্ৰেক্ষাগৃহত 'জেহিৰুল হুছেইনৰ সাহিত্য কৃতি' শীৰ্ষক এটি মননশীল আলোচনাচক্ৰ অনুষ্ঠিত হয়। গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰীসকলৰ সমবেত সংগীতেৰে আৰম্ভ হোৱা অনুষ্ঠানত শ্ৰদ্ধা তৰ্পণ আৰু 'গণিত শিক্ষক জেহিৰুল হুছেইন (নাইচ চাৰ)' সম্পৰ্কে আলোকপাত কৰে গুৱাহাটী আই.আই.টি.ৰ অধ্যাপক তথা নাইচ চাৰৰ একালৰ ছাত্ৰ ৰেংলাৰ ড° অনুপম শইকীয়াই। বিশিষ্ট চিকিৎসক তথা গল্পকাৰ ডাক্তৰ কুমুদ কুমাৰ দত্তই সঞ্চালনা কৰা আলোচনাচক্ৰ খনি উদ্বোধন কৰে বিশিষ্ট প্ৰৱন্ধকাৰ, সমাজকৰ্মী ডাক্তৰ অজিত বৰুৱাই। 



আলোচক হিচাপে অংশগ্ৰহণ কৰে- অৱসৰপ্ৰাপ্ত অধ্যক্ষ, সাহিত্যিক ড° অহিজুদ্দিন শ্বেখ আৰু বিশিষ্ট গল্পকাৰ, সাংবাদিক ৰত্না ভৰালী তালুকদাৰে।


No comments