Breaking News

অইল ইণ্ডিয়াৰ খনন কোম্পানীসমূহে থলুৱাক গুৰুত্ব দিয়ক - অন্যথা আন্দোলনৰ মুখামুখি হ'বলৈ সাজু থাককঃ সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ



ডিজিটেল সংবাদ, পেঙেৰীঃ  সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ অসমৰ কেন্দ্রীয় মুখ্য প্রচাৰ সম্পাদক মনোজ দুৱৰা, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি ৰূপনাথ মিলি আৰু সহকাৰী সম্পাদক মৃদুল লাহনে সংবাদ মাধ্যক জনাইছে যে মহাৰত্ন কোম্পানী অইল ইণ্ডিয়াই ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ গ্রাম্য অঞ্চল বিলাকত বহিৰাগত পুঁজিপতি কোম্পানীৰ দ্বাৰা তৈলখাদৰ খনন কাৰ্য চলাই আছে। ডিব্ৰুগড় জিলাৰ অন্তর্গত চাবুৱা, ডিকম, নাদুৱা, ৰহমৰীয়া আৰু তিনিচুকীয়া জিলাৰ মাকুম, বাৰেকুৰি, বাঘজান আৰু অন্যান্য অঞ্চলসমূহত অইল ইণ্ডিয়াৰ খননকাৰ্য পৰিচালনা কৰি থকা পুঁজিপতি কোম্পানীসমূহক সংশ্লিষ্ট অঞ্চলৰ থলুৱা খিলঞ্জীয়া নিৱনুৱা সকলক ঠিকা-ঠুকলি আৰু অন্যান্য কামত জড়িত কৰাবলৈ সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ, অসমে দাবী জনাইছে। লগতে সংশ্লিষ্ট গ্রাম্য অঞ্চলসমূহৰ বিদ্যালয়ৰ চৌহদ বেৰা, ৰাস্তা-ঘাট, সংঘ, নামঘৰ আদিকে ধৰি ৰাজহুৱা অনুষ্ঠান বিলাকৰ উন্নয়নৰ বাবে অনুদান দি জাতীয় সামাজিক সমস্যাসমূহ সমাধান কৰিবলৈকো সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদে কোম্পানীসমূহৰ প্ৰতি দাবী জনাইছে। অন্যথা কেৱল লুটি-পুটি খাই নিৱনুৱা সমস্যা সমাধানৰ প্ৰতি গুৰুত্ব প্ৰদান নকৰিলে অইল ইণ্ডিয়াৰ লগতে বহিৰাগত খনন কোম্পানীসমূহৰ বিৰুদ্ধে প্ৰচন্দ আন্দোলনৰ কৰ্যসূচী গ্ৰহণ কৰিব বুলিও সংগঠনটোৱে সকীয়াই দিছে। একেটা বিবৃত্তিৰ জৰিয়তে সংযুক্ত খিলঞ্জীয়া জাতীয় পৰিষদ, অসমে জনাইছে যে খিলঞ্জীয়া অসমীয়াৰ ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত অসম চুক্তিৰ ৬ নং দফা ভাৰতীয় সংবিধান সংশোধন কৰি হ'লেও কাৰ্যকৰী কৰিব লাগিব।

No comments