Breaking News

হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় নাৰীবাদ সম্পৰ্কীয় স্মাৰক বক্তৃতা সম্পন্ন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয় মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ উদ্যোগত ৫ ছেপ্তেম্বৰ তাৰিখে মহাবিদ্যালয়খনৰ প্ৰয়াত শিক্ষকসকলৰ সোঁৱৰণত চতুৰ্দশ স্মাৰক বক্তৃতানুষ্ঠানৰ অনুষ্ঠিত কৰা হয়। স্মাৰক বক্তৃতানুষ্ঠানত 'নাৰী, নাৰীবাদ আৰু সমাজ-সংস্কৃতিৰ বাগধাৰা' শীৰ্ষক বক্তৃতা প্ৰদান কৰে কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক আৰু বৰ্তমান মেঘালয়স্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিশ্ববিদ্যালয়ৰ প্ৰাধ্যাপক ৰূপে কৰ্মৰত ড° গৰিমা কলিতাই। বিশিষ্ট সাহিত্য তথা চলচ্চিত্ৰ সমালোচকগৰাকীয়ে সমাজত নাৰীৰ সামগ্ৰিক প্ৰান্তীয় স্থানীয় উপস্থানৰ নেপথ্যত তথা ভিন্ন কাৰকৰ তাত্ত্বিক ভিত্তিৰ চিন্তাকৰ্ষক বিশ্লেষণ আগবঢ়ায়। তেখেতৰ বক্তব্যত   গণমাধ্যমসমূহক গ্ৰাহ কৰিব খোজা মানুহৰ মাজত প্ৰচাৰ হৈ থকা মানৱবিৰোধী তথাকথিত মানৱতাবাদী মনোভাৱৰ স্বৰূপ আৰু এনে নেতিবাচক কাৰকসমূহৰ পৰা মুক্ত হবলৈ সমাজৰ সকলোৱে  গুৰুত্ব সহকাৰে লব লগা আত্মপৰিশীলন আৰু নিৰ্ভিক ভাৱে নিজৰ মত প্ৰকাশত বিশেষ জোৰ দিয়ে। মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সভাপতি ড° ধনেশ কুমাৰ লইঙে অনুষ্ঠানটোৰ সঞ্চালনা কৰে। গোটৰ উপসভাপতি ড° পলাশ সন্দিকৈয়ে মহ্যবিদ্যালয়খনৰ প্ৰয়াত চৈধ্যজন শিক্ষকৰ পৰিচয় আৰু অৱদান সম্পকীয় চমু বক্তব্য ৰাখে। বক্তৃতা অনুষ্ঠানটোত প্ৰয়াত শিক্ষক বীৰেন শৰ্মাৰ পুত্ৰ  দুৰ্লভ শৰ্মা, প্ৰয়াত হৰিকৃষ্ণ ফুকনৰ কনিষ্ঠ ভাতৃ বিনয় কুমাৰ ফুকন, প্ৰাক্তন অধ্যক্ষ ৰাতুল দেৱী, ড° দিলীপ কুমাৰ গোস্বামী, গোলাঘাট মণ্ডলৰ সভাপতি, উপাধ্যক্ষ প্ৰশান্ত বৰা, ড° দিব্যজ্যোতি বৰা, ড° অৰুনিমা দাস, গোটৰ সম্পাদক কমি নকযা, আদিত্য হাজৰিকা, ড° উদ্ভাবনা কলিতাকে প্ৰমুখ্য কৰি প্ৰয়াত শিক্ষকসকলৰ যথেষ্ট সংখ্যক আত্মীয় স্বজন আৰু শিক্ষাৰ্থীয়ে অংশ গ্ৰহন কৰে। শিক্ষক গোটৰ সহকাৰী সম্পাদক আদিত্য হাজৰিকাই আঁত ধৰা অনুষ্ঠানটোত শলাগৰ শৰাই আগবঢ়ায় সম্পাদক কমি নকযাই।

No comments