Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মহাবিদ্যালয়খনৰ মানৱ সম্পদ পৰিচালনা (Human Resource Management) বিভাগ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষ (IQAC)ৰ উদ্যোগত যোৱা ৬ আৰু ৭ ছেপ্তেম্বৰত এখন আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন হয়। বিকশিত ভাৰত@২০৪৭ (Viksit Bharat@2047) শীৰ্ষক এই আলোচনাচক্ৰখনৰ আয়োজনত  পশ্চিমবংগৰ 'কলকাতা বিধাননগৰ চ'ছাইটি ফৰ একাডেমিক এডভান্সমেন্ট'-এ সহযোগ কৰে। আলোচনাচক্ৰত বন্তি প্ৰজ্বলনেৰে প্ৰথমদিনাৰ  কাৰ্যসূচী আৰম্ভ হয়। আহ্বায়ক ড০ ৰিংকী দাসে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাই আদৰণী ভাষণ প্ৰদান কৰে। আলোচনাচক্ৰখন উদ্বোধন কৰি বীৰাংগনা সতী সাধনী ৰাজ্যিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ জি. সিংহাইয়াই কয় যে উত্তৰ পূৰ্বাঞ্চলত উদ্যমিতা বিকাশৰ যথেষ্ট সম্ভাৱনা থকাৰ পাছতো উপযুক্ত পৰিকাঠামোৰ অভাৱত উদ্যোগিক দিশত বিশেষ আগবাঢ়িব পৰা নাই। এই প্ৰসংগত তেওঁ অসমৰ পাট-মুগা শিল্পৰ ক্ষেত্ৰত থকা সম্ভাৱনীয়তাৰ বিষয়ে উল্লেখ কৰে। অনুষ্ঠানটোত কলিকতা বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ প্ৰাক্তন মুৰব্বী তথা প্ৰাধ্যাপক ড০ দীপ্তি কুমাৰ চক্ৰৱৰ্তী আৰু সহযোগী অধ্যাপক পেমা লামা, গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ উপাধ্যক্ষ অনামিকা হাজৰিকা, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ প্ৰাঞ্জল প্ৰতীম দত্ত, মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা তথা শতাধিক অংশগ্ৰহণকাৰী উপস্থিত থাকে। প্ৰথমদিনাৰ মুঠ সাতটা সত্ৰত সমল ব্যক্তি হিচাপে ভূটানৰ ৰয়েল থিম্ফু কলেজৰ অধ্যাপক ড০ স্বাতী চক্ৰৱৰ্তী, পশ্চিমবংগৰ মহাৰাজা মণিন্দ্ৰ চন্দ্ৰ মহাবিদ্যালয় সহযোগী অধ্যাপক সৌম্য মুখাৰ্জী, বীৰাংগনা সতী সাধনী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড০ মানস প্ৰতীম বৰা, পশ্চিমবংগৰ নিউ আলিপুৰ কলেজৰ সহযোগী অধ্যাপক  ড০ সম্যব্ৰত দাস, নগাঁও মহাবিদ্যালয়(স্বায়ত্বশাসিত)ৰ অধ্যাপক ড০ ঋষিভাৰ্গব দাস, কলিকতা বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক পেমা লামা, পশ্চিমবংগৰ জি. আই. এছ. বিশ্ববিদ্যালয়ৰ অধ্যাপক ড০ নীলাঞ্জন ৰয়ে সঞ্চালনা কৰে। দ্বিতীয় দিনাৰ কাৰ্যসূচী অনুসৰি মুঠ তিনিটা সত্ৰত সঞ্চালনা কৰে ক্ৰমে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক ড০ প্ৰাঞ্জল প্ৰতীম দত্ত, ড০ কৰবী দেৱী আৰু সৌম্য মুখাৰ্জীয়ে। আলোচনাচক্ৰৰ সমন্বয়ক অঞ্জন ভৰালীয়ে আঁত ধৰা সামৰণী অনুষ্ঠানত অংশগ্ৰহণকাৰীসকলে তেওঁলোকৰ মতামত ব্যক্ত কৰে। এই অনুষ্ঠানতে অংশগ্ৰহণকাৰীসকলক প্ৰমাণপত্ৰ বিতৰণ কৰা হয়। তদুপৰি কলকাতা বিধাননগৰ চ'ছাইটি ফৰ একাডেমিক এডভান্সমেন্টে শ্ৰেষ্ঠ গৱেষণাপত্ৰ উপস্থাপক হিচাপে নিৰ্বাচিতসকলক সন্মানিত কৰাৰ লগতে অধ্যক্ষ, উপাধ্যক্ষ, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক তথা আলোচনাচক্ৰৰ আহ্বায়ক, সহকাৰী আহ্বায়ক আৰু সমন্বয়কক সম্বৰ্ধনা জনায়। অধ্যাপক স্নেহা হাজৰিকাই  আলোচনাচক্ৰখন সফলভাৱে সম্পন্ন হোৱা বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰে।  উল্লেখ্য যে মহাবিদ্যালয়খনৰ দ্বাৰা প্ৰথমবাৰৰ বাবে আয়োজিত এই আন্তঃৰাষ্ট্ৰীয় আলোচনাচক্ৰখনত অনলাইন আৰু অফলাইন দুয়োটা মাধ্যমেৰে বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ গৱেষক, ছাত্ৰ-ছাত্ৰী আৰু অধ্যাপকে ১৫০ খনৰো অধিক গৱেষণাপত্ৰ পাঠ কৰে।

No comments