Breaking News

ৰাজ্যিক ভিত্তিক গণিত আৰু বিজ্ঞান বিষয়ক কুইজত উজলিল গোলাঘাট জাতীয় বিদ্যালয়



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ গোলাঘাটৰ এক অগ্ৰণী ক'চিং চেণ্টাৰ ইগনাইট ক'চিং চেণ্টাৰৰ উদ্যোগত যোৱা ১ চেপ্তেম্বৰত অনুষ্ঠিত কৰা হয় সদৌ অসম ভিত্তিত গণিত আৰু বিজ্ঞান বিষয়ক এখনি কুইজ প্ৰতিযোগিতা। শংকৰদেৱ শিশু বিদ্যা নিকেতন গোলাঘাটৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এই কুইজ প্ৰতিযোগিতাখন বন্তি প্ৰজ্বলন কৰি আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিদ্যালয় খনৰ প্ৰধান আচাৰ্য দিব্যজ্যোতি গোস্বামীয়ে। বিভিন্ন প্ৰান্তৰ মুঠ ২৩ খন শিক্ষানুষ্ঠানৰ পৰা অহা ৪০ টা দলে অংশগ্ৰহণ কৰা এই কুইজ প্ৰতিযোগিতা ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ মাজত দুটা শাখাত অনুষ্ঠিত কৰা হয়।  ইগনাইট ক'চিং চেণ্টাৰৰ প্ৰতিষ্ঠাপক ধ্ৰুৱজ্যোতি ৰাজখোৱা আৰু সহ প্ৰতিষ্ঠাপক নীহাৰিকা হাজৰিকাৰ লগতে মিৰ্জা ৱাকিব জাহান আৰু নীহাৰ হাজৰিকাই সকলো প্ৰতিযোগীকে আদৰণি জনায়। উক্ত কুইজ প্ৰতিযোগিতাখন মূলতঃ গণিত আৰু বিজ্ঞান বিষয়ক আছিল যদিও সাধাৰণ কুইজৰ বিষয়বস্তুও অন্তৰ্ভুক্ত কৰা হৈছিল। উক্ত কুইজ প্ৰতিযোগিতাখনিত তিনিটাকৈ স্থান দখলেৰে উজলিল গোলাঘাট জাতীয় বিদ্যালয়। ইগনাইট ক'চিং চেণ্টাৰৰ সহ প্ৰতিষ্ঠাপক নীহাৰিকা হাজৰিকা, শিক্ষক নীহাৰ হাজৰিকা, গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক সুৰজিৎ দত্ত বৰুৱা,  শংকৰদেৱ শিশু বিদ্যা নিকেতন গোলাঘাটৰ সহকাৰী শিক্ষক দেৱাশীষ গগৈয়ে সঞ্চালনা কৰা এই কুইজ প্ৰতিযোগিতাৰ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীলৈকে গঠিত শাখাত গোলাঘাট জাতীয় বিদ্যালয়ৰ অংকুৰজ্যোতি লাহন,  বৰ্ণিল খাটনিয়াৰ আৰু ভাৰ্গৱ ভূষণ বৰাৰ দলে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হয়। দ্বিতীয় স্থান অধিকাৰ কৰে কুশল কোঁৱৰ বাল্য ভৱন বিদ্যালয়ৰ স্নিগ্ধৰাগ বৰঠাকুৰ,  সোণাক্ষী গুপ্তা আৰু অভি ঘোষৰ দলে। তৃতীয় স্থানত থাকে মৌখোৱা মধ্য ইংৰাজী বিদ্যালয়ৰ মুক্তাদিৰ জামাল,  ইমতিয়াজ আহমেদ আৰু আচফিকা বেগমৰ দল। আনহাতে নৱম আৰু দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলক লৈ গঠিত শাখাত গোলাঘাট জাতীয় বিদ্যালয়ৰ অযুত প্ৰিয়ম বৰা, অভিনৱ দত্ত আৰু কৌস্তভমণি নাথৰ দলে প্ৰথম স্থান আৰু একেখন বিদ্যালয়ৰে জ্ঞানদীপ শইকীয়া,  অভিনৱ শইকীয়া আৰু সংকল্পৰাজ কোঁৱৰৰ দলে তৃতীয় স্থান অধিকাৰ কৰে।  দ্বিতীয় স্থানত থাকে দেৰগাঁও বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সৃষ্টিনিষ্ঠা বৰা,  মহাশ্বেতা দেৱী আৰু শংকৰদেৱ শিশু বিদ্যা নিকেতন দেৰগাঁৱৰ পৃথিৰাজ শৰ্মাৰ দল। বিজয়ী সকলক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়। ইফালে উক্ত কুইজ প্ৰতিযোগিতাৰ অনুষ্ঠানতে বৈদিক গণিতৰ এক বিশেষ অনুষ্ঠানৰো আয়োজন কৰা হয়। অনুষ্ঠানত মৌখোৱা হাইস্কুলৰ জ্যেষ্ঠ শিক্ষয়িত্ৰী ফৰিদা বেগম বৰমোল্লা, শংকৰদেৱ শিশু বিদ্যা নিকেতন কচুপথাৰৰ শিক্ষয়িত্ৰী দৃষ্টি গগৈ, গোলাঘাট জাতীয় বিদ্যালয়ৰ শিক্ষক তথা সাংবাদিক সিদ্ধাৰ্থ সন্দিকৈ, সমাজকৰ্মী দীপ কলিতা প্ৰমুখ্যে কেইবাজনো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

No comments