Breaking News

দেওপানীত শিলনীজান শাখা কবি সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশন সম্পন্ন



ডিজিটেল সংবাদ, শিলনীজানঃ দেওবাৰে শিলনীজান শাখা কবি সন্মিলনৰ প্ৰথম দ্বি-বাৰ্ষিক অধিবেশনখন দিনজোৰা কাৰ্য্যসূচীৰে দেওপানী চিনিয়ৰ ছেকেণ্ডাৰী স্কুলত অনুষ্ঠিত হৈ যায়। পুৱা ৯বজাত সভাৰ প্ৰথম কাৰ্য্যসূচী পতাকা উত্তোলন কৰা হয়। পতাকা উত্তোলন কৰে শাখাৰ সভাপতি শ্ৰীযুত নিৰ্মল সিংঙ ডাঙৰীয়াই। ইয়াৰ পাছতে বন্তি প্ৰজ্বলন কৰে শাখাৰ উপ সভানেত্ৰী শ্ৰীযুতা অনিমা নেওগ বৰুৱাই।  

 অনুষ্ঠানত উপস্থিত থাকে সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা শ্ৰীযুত ৰাজুমনি বেজবৰুৱা, উপ-সভাপতি শ্ৰীযুত দিলীপ কুমাৰ শৰ্মা, উপ-সভাপতি শ্ৰীযুত উজ্জ্বল পাওগাম, সদৌ অসম কবি সন্মিলনৰ প্ৰধান সম্পাদক চৈয়দ পাৰভিজ হুছেইন, সাংগঠনিক সম্পাদিকা শ্ৰীযুতা হেমা চৌধুৰী গগৈ, কাৰ্য্যনিৰ্বাহক শ্ৰীযুত কৃষ্ণ দৈমাৰী, গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি ড৹ প্ৰণৱ ঢেকিয়াল ফুকন, গোলাঘাট জিলা কবি সন্মিলনৰ সম্পাদক শ্ৰীযুত দীপ হেষ্টিংছ বৰি, কাৰ্বি আংলং জিলা কবি সন্মিলনৰ উপ-সভাপতি শ্ৰীযুত ভৱপ্ৰসাদ দেউৰী, ডিফু শাখা কবি সন্মিলনৰ সভাপতি শ্ৰীযুত পুতুল চেতিয়া, কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত নৰেন্দ্ৰ নাথ হাজৰিকাকে ধৰি বিভিন্ন ঠাইৰ পৰা অহা ষাঠিৰো অধিক কবি আৰু কবিতাৰ অনুৰাগী। আজিৰ সভাত সভাপতিত্ব কৰে শাখাৰ সভাপতি শ্ৰীযুত নিৰ্মল সিং ডাঙৰীয়াই। সভাৰ আৰম্ভণিতেই কুমাৰী ঋষিতা প্ৰিয়ম গোস্বামীয়ে এটি বৰগীত পৰিৱেশন কৰে । নিমন্ত্ৰিত অতিথিৰ আসন গ্ৰহণ আৰু সম্বৰ্ধনাৰ পাছতেই সভাৰ উদেশ্য ব্যাখ্যা কৰে সম্পাদিকা পৰিমিতা গোস্বামীয়ে। 



আজিৰ দ্বিবাৰ্ষিক অধিৱেশনতে কাৰ্বি আংলং জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, সমাজসেৱক শ্ৰদ্ধাৰ শ্ৰীযুত নৰেন্দ্ৰ নাথ হাজৰিকা দেৱক শিলনীজান শাখা কবি সন্মিলনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে।  সম্পাদিকা পৰিমিতা গোস্বামীয়ে দুবছৰীয়া কাৰ্যকালৰ প্ৰতিবেদন পাঠ কৰে। আজিৰ দ্বিবাৰ্ষিক অধিৱেশনৰ মঞ্চতে শিলনীজান শাখা কবি সন্মিলনৰ প্ৰতি চাৰিমাহৰ মূৰে মূৰে প্ৰকাশ কৰি অহা কাব্য পত্ৰিকাখন উন্মোচন হয়। কাব্য পত্ৰিকাখন উন্মোচন কৰে গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি শ্ৰদ্ধাৰ ড৹ প্ৰণৱ ঢেকিয়াল ফুকন ডাঙৰীয়াই। শিলনীজান শাখা কবি সন্মিলনৰ পত্ৰিকা সম্পাদিকা শ্ৰীযুতা পুষ্পা শইকীয়া নেওগৰ এখনি কাব্য পুথি “নিৰ্জনতাত উচুপি উঠা শব্দবোৰ” উন্মোচন হয়। উন্মোচন কৰে সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা শ্ৰদ্ধাৰ শ্ৰীযুত ৰাজুমনি বেজবৰুৱা ডাঙৰীয়াই।  দ্বিবাৰ্ষিক অধিৱেশনৰ মঞ্চতে শাখাৰ ছয়জন সদস্য-সদস্যাক আজীৱন সভ্যৰ স্বীকৃত পত্ৰ প্ৰদান কৰে। সভাত নিমন্ত্ৰিত অতিথি সকলৰ চমু ভাষণৰ পাছতেই কুমাৰী হিয়াদীপা গোস্বামীয়ে সুধাকণ্ঠ ভূপেন হাজৰিকাৰ এটি গীত পৰিৱেশন কৰে। 

অধিৱেশনৰ লগত সংগতি ৰাখি আয়োজন কৰা কবি সন্মিলনত সদৌ অসম কবি সন্মিলনৰ উপ-সভাপতি শ্ৰীযুত উজ্জ্বল পাওগাম ডাঙৰীয়াকে মুখ্য কৰি বিশিষ্ট কবি শ্ৰীযুতা নিৰু দত্ত, দীপ হেষ্টিংছ বৰিকে ধৰি ছল্লিশৰো অধিক কবিয়ে কবিতা পাঠ কৰে। সভাপতিৰ মন্তব্যৰ পিছতে কাব্যমন্ত্ৰ পাঠেৰে শিলনীজান শাখা কবি সন্মিলনৰ দ্বিবাৰ্ষিক অধিৱেশনৰ দিনজোৰা কাৰ্য্যসূচীৰ সামৰণি পৰে। 

No comments