Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ পাঠ্যক্ৰম সম্পন্ন।



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় কৌশল বিকাশ নিগমৰ সহযোগত আৰম্ভ হোৱা প্ৰধানমন্ত্ৰী কৌশল বিকাশ যোজনাৰ (PMVKY 4.0) অধীনত দক্ষতা বিকাশৰ কেইবাটাও পাঠ্যক্ৰম ইতিমধ্যে সম্পন্ন হৈছে। সেই উপলক্ষে বিউটি থেৰাপিষ্ট, ইলেক্ট্ৰিচিয়ান আৰু ব্ৰাইডল মেকআপ আৰ্টিষ্ট শীৰ্ষক পাঠ্যক্ৰম সফলতাৰে সম্পূৰ্ণ কৰা ৪২ গৰাকী প্ৰশিক্ষাৰ্থীক যোৱা ২৫ চেপ্টেম্বৰ তাৰিখে  প্ৰমাণপত্ৰ প্ৰদানৰ এক কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। এই কাৰ্যসূচীত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ উৎপল শৰ্মা, উপাধ্যক্ষ অনামিকা হাজৰিকা, আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমন্বয়ক ড০ প্ৰাঞ্জল প্ৰতীম দত্ত, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত কুমাৰ বৰাৰ লগতে বিশিষ্ট অতিথি হিচাপে গোলাঘাট চহৰৰ আগশাৰীৰ প্ৰতিষ্ঠান কায়া ইউনিচেক্স পাৰ্লাৰৰ স্বত্বাধিকাৰী গায়ত্ৰী দত্ত উপস্থিত থাকে। মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, দক্ষতা বিকাশ সমিতিৰ সদস্য তথা পাঠ্যক্ৰমৰ প্ৰশিক্ষক আৰু প্ৰশিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে। অধ্যক্ষ ড০ উৎপল শৰ্মাই তেওঁৰ ভাষণত দক্ষতা-আধাৰিত শিক্ষাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয় যে, আত্মনিৰ্ভৰশীলতাৰ বাবে আনুষ্ঠানিক শিক্ষাৰ দৰেই দক্ষতা বিকাশৰ শিক্ষা অতি গুৰুত্বপূৰ্ণ। প্ৰশান্ত কুমাৰ বৰাই এই বৃত্তিমুখী পাঠ্যক্ৰমসমূহ আৰম্ভ কৰাৰ বাবে মহাবিদ্যালয়খনক প্ৰশংসা কৰে আৰু ইয়াক স্থানীয় যুৱক-যুৱতীসকলক শক্তিশালী কৰাৰ ক্ষেত্ৰত এক বলিষ্ঠ পদক্ষেপ বুলি কয়।উপাধ্যক্ষা অনামিকা হাজৰিকায়ো ভাৰত চৰকাৰে আগবঢ়োৱা দক্ষতা-আধাৰিত পাঠ্যক্ৰমৰ গুৰুত্ব সন্দৰ্ভত বক্তব্য ৰাখে। মহাবিদ্যালয়খনৰ দক্ষতা বিকাশ পাঠ্যক্ৰমৰ সমন্বয়ক ড. কৰৱী দেৱীয়ে প্ৰশিক্ষাৰ্থীসকলক অভিনন্দন জনোৱাৰ লগতে এই পাঠ্যক্ৰম আগবঢ়াবলৈ যাওঁতে তেওঁ লাভ কৰা অভিজ্ঞতা সম্পৰ্কে অৱগত কৰে। অনুষ্ঠানটোত প্ৰমাণপত্ৰ লাভ কৰা প্ৰশিক্ষাৰ্থীসকলে দক্ষতা বিকাশৰ এই প্ৰশিক্ষণে তেওঁলোকক আত্মনিৰ্ভৰশীল হ'বলৈ উৎসাহিত কৰিছে বুলি প্ৰকাশ কৰে।মহাবিদ্যালয়ৰ অধ্যাপক সোনাশ্ৰী দাসৰ শলাগ জ্ঞাপনেৰে অনুষ্ঠানটোৰ সামৰণি পৰে।

No comments