Breaking News

অসম ৰাজ্যিক শিশু সুৰক্ষা আৰু অধিকাৰ আয়োগৰ উদ্যোগত গোলাঘাট জিলাৰ আবৰ্ত ভৱনৰ সভাকক্ষত শিশুৰ সুৰক্ষাৰ উদ্দেশ্যে সভা



ডিজিটেল সংবাদ, গোলাঘাটঃ বৃহস্পতিবাৰে গোলাঘাট জিলাৰ আবৰ্ত ভৱনৰ সভাকক্ষত অসম ৰাজ্যিক শিশু সুৰক্ষা আৰু অধিকাৰ  আয়োগৰ উদ্যোগত শিশুৰ সুৰক্ষাৰ উদ্দেশ্যে এখন সভা অনুস্থিত হয় । সভা খন অনুস্থিত কৰাৰ ক্ষেত্ৰত কুশি লোক মঞ্চ আৰু আদৰ্শ ফাউণ্ডেচন অফ চাইল্ড এম্পাৱাৰ্মেটে সহযোগ কৰে । সভাত সভাপতিত্ব কৰে অসম ৰাজ্যিক শিশু সুৰক্ষা আৰু অধিকাৰ আয়োগৰ অধ্যক্ষ ড° শ্যামল শইকীয়াই । সভাত উপস্থিত থকা অন্যান্য বিষয় ববীয়া সকলৰ ভিতৰত কুশি লোক মঞ্চৰ কাৰ্য্যবাহী নিৰ্দেশক শ্ৰী ৰিষি কান্ত, অসম ৰাজ্যিক শিশু সুৰক্ষা আru অধিকাৰ আয়োগৰ সদস্যা শ্ৰীমতী নীলাঞ্জনা তালুকদাৰ, গোলাঘাট জিলাৰ আইন প্ৰাধিকাৰী সচিব শ্ৰীযুতা নীলক্ষী লহকৰ, গোলাঘাট জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক (অপৰাধ) শ্ৰী জন দাস, জিলা শিশু সুৰক্ষা বিষয়া শ্ৰীমতী পৰিনীতা হাজৰিকা, শ্ৰম বিষয়া ড° শেখৰ নাৰায়ণ ডেকা, জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু জিলাখনৰ বিভিন্ন বিষয়াৰ লগতে পুলিচ থানা সমূহৰ বিষয়া সকল উপস্থিত থাকে । 

তিনি ঘণ্টাজোৰা সভাখনত সভাপতি আসন গ্ৰহন কৰি অসম ৰাজ্যিক শিশু সুৰক্ষা আৰু অধিকাৰ আয়োগৰ অধ্যক্ষ ড° শ্যামল শইকীয়াই পকচ আৰু জে জে এক্টৰ প্ৰয়োগৰ ওপৰত বিস্তৃত বিবৰণ ডাঙি ধৰাৰ লগতে ২০২৬  চনৰ ভিতৰত সমগ্ৰ অসমখনত বাল্য বিবাহমুক্ত ৰাজ্য হিচাপে গঢ়ি তোলা ক্ষেত্ৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা দেৱৰ যি সপোন আৰু দৃঢ়তাক বাস্তৱ ৰূপ দিবলৈ সভাত উপস্থিত সকলোকে নতুন উদ্যমেৰে একত্ৰিত হৈ কাম কৰি যাবলৈ আহ্বান জনায় ।

কুশি লোক মঞ্চৰ কাৰ্য্যবাহী নিৰ্দেশক শ্ৰী ৰিষি কান্ত দেৱে জে জে এক্ট আৰু পকচ' এক্টৰ প্ৰয়োগৰ লগতে বিশেষকৈ মহিলা অধিনায়ক সকলৰ সৈতে স্থানীয় লোকসকলক একগোট কৰি বাল্যবিবাহ প্ৰতিৰোধ কৰি সজাগতা অভিযান চলোৱাত জিলাখনৰ বিভিন্ন দায়িত্বশিল লোকৰ লগত কাম কৰি যাবলৈ অনুৰুধ জনায় । তেখেতে শিশু সুৰক্ষাৰ স্বাৰ্থত যথাসম্ভৱ সাহাৰ্য্য আগবঢ়াব বুলিও প্ৰতিশ্ৰুতি দিয়ে । 

অসম ৰাজ্যিক শিশু সুৰক্ষা আৰু অধিকাৰ আয়োগৰ সদস্যা নীলঞ্জনা তালুকদাৰে শিশুৰ সুস্বাস্থ্যৰ সকলো দিশ সামৰি তেওঁলোকৰ উন্নত পুষ্টি সাধন আৰু যত্নৰ দিশত আলোকপাত কৰে ।

শেষত সভাপতি মহোদয়ে যৌন নিৰ্যাতিত শিশু সকলক সাহাৰ্য্য প্ৰদান কৰিবলৈ চাপৰ্ট পাৰ্চন সকলৰ যি গধুৰ দায়িত্ব আছে সেই সম্পৰ্কে আলোচনা কৰে । 



তেখেতে শিশু সকলৰ যত্ন আৰু সুৰক্ষাৰ ক্ষেত্ৰত সকলো ব্যক্তিৰে সহায় সহযোগ কামনা কৰে ।

No comments