Breaking News

সৰ্ববাইবন্ধা পূজা মন্দিৰৰ প্ৰাচীৰ পত্ৰিকা উন্মোচন



মৃদুস্মিতা শৰ্মা , বোকাখাতঃ সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ সৌজন্যত যোৱা ২৩ চনৰ ফ্ৰেবুৱাৰী মাহৰ পৰা এখনি প্ৰাচীৰ পত্ৰিকা ছপা আৰু ডিজিটেল মাধ্যমত প্ৰকাশ কৰি আহিছে। যোৱা ৩১ আগষ্টৰ ৭ বজাত সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ বৈঠক ঘৰত দ্বিতীয় বছৰৰ সপ্তম সংখ্যাটোৰ আনুষ্ঠানিক ভাবে উন্মোচন কৰে বিশিষ্ট শিক্ষাবিদ,প্ৰাক্তন অধ্যক্ষ মৰিয়নি মহাবিদ্যালয়,সমাজকৰ্মী  নৃপেন শৰ্মাই। উন্মোচনী ভাষনত শৰ্মাই সৰ্ববাইবন্ধা পূজামন্দিৰে আজি ধাৰাবাহিক ভাবে একবছৰ সাতমাহে প্ৰাচীৰ পত্ৰিকা উলিয়াই অসমীয়া সাহিত্য জগতলৈ অলপহলেও বৰঙনি আগবঢ়াই যোৱাৰ কথা উল্লেখ কৰি প্ৰশংসা কৰে।লগতে অঞ্চলটোৰ পৰা নতুন নতুন লেখক-লেখিকাৰ জন্ম দিব পাৰিছে বুলি সাৰুৱা মন্তব্য আগবঢ়ায়। সৰ্ব্বাইবন্ধা পূজামন্দিৰৰ সভাপতি তথা প্ৰাচীৰ পত্ৰিকাৰ সম্পাদক পবিত্ৰ বৰঠাকুৰে সঞ্চালনা কৰা উন্মোচনী অনুষ্ঠানত ক্ৰমে ড° শ্যামল প্ৰসাদ বৰুৱা,সম্পাদিকা ৰাজলক্ষ্মী শৰ্মা গোস্বামী,অনল জোতি শৰ্মা,প্ৰশান্ত প্ৰসাদ বৰুৱা,ড° অৰুন্ধতী বৰুৱা আৰু জোনা বৰঠাকুৰে মন্তব্য আগবঢ়ায় ।

No comments