Breaking News

কাজিৰঙাত হোটেল নিৰ্মাণৰ বাবে তাজ গ্ৰুপৰ সৈতে MOU স্বাক্ষৰৰ বিৰোধীতা,কাজিৰঙাৰ হাতীখুলি চাহবাগিছাত শ্ৰমিকৰ প্ৰতিবাদ



ডিজিটেল সংবাদ, কাজিৰঙাঃ জনগণৰ প্ৰতিবাদক ভেঙুচালি কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে কাজিৰঙাত পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে আজি তাজ গ্ৰুপৰ স’তে MoU স্বাক্ষৰ কৰিবলৈ লোৱা সিদ্ধান্তৰ প্ৰতিবাদত আজি পুনৰ উত্তাল হৈ পৰে কাজিৰঙাৰ হাতীখুলি৷ অসম চাহ মজদূৰ সংঘ আৰু অসম চাহ কৰ্মচাৰী সংঘৰ উদ্যোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত চাহ বাগিচাৰ কাম এৰি শতাধিক পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে৷ প্ৰতিবাদী জনতাৰ তৰফৰ পৰা হাতীখুলি চাহ বাগিছাৰ মুখ্য পৰিচালক অধীক্ষক মিত্ৰভানু দাসক বিভিন্ন দাবী সম্বলিত এখনি স্মাৰকপত্ৰ প্ৰদান কৰে৷ এই প্ৰতিবাদথলীত উপস্থিত থাকি অসম চাহ মজদূৰ সংঘৰ কিষণ কৰ্মকাৰে চৰকাৰৰ নীতিক ভৎৰ্সনা কৰে৷ আনহাতে, শেহতীয়াকৈ কাজিৰঙাত হায়াতৰ পঞ্চতাৰকা হোটেলৰ বিৰোধিতা কৰাৰ বাবেই আৰক্ষীয়ে আটছা নেতাৰ ওপৰত জঁপিয়াই পৰি বৰ্বৰতাৰে আক্ৰমণ কৰা ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে চাহ মজদূৰ সংঘৰ নেতাগৰাকীয়ে৷ প্ৰতিবাদত উপস্থিত থাকি চাহ কৰ্মচাৰী সংঘৰ দিব্যজ্যোতি কৰ্মকাৰে চৰকাৰৰ নীতিক কঠোৰ সমালোচনা কৰে৷ কৰ্মকাৰে কয় যে চাহ গছ উভালি কোনো কাৰণতে পঞ্চতাৰকা হোটেল নিৰ্মাণ কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিয়াৰ পাছতো কাজিৰঙাৰ হাতীখুলিত চাহ গছ উভালি পঞ্চতাৰকা হোটেল নিৰ্মাণৰ বাবে আজি তাজ গ্ৰুপৰ স’তে চুক্তি স্বাক্ষৰ কৰিবলৈ আগবাঢ়িছে ৰাজ্য চৰকাৰে৷ 




ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত সমগ্ৰ বিষয়টো পুনৰ বিবেচনা কৰিবলৈয়ো আহ্বান জনায় প্ৰতিবাদকাৰী গৰাকীয়ে৷

No comments