Breaking News

অৱসৰপ্ৰাপ্ত কাৰ্যবাহী অভিযন্তা, নাট্যকৰ্মী অমল কুমাৰ ৰাজখোৱাৰ মৃত্যুত গোলাঘাটত শোক



ডিজিটেল সংবাদ, গোলাঘাটঃ অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত কাৰ্য্যবাহী অভিযন্তা, একাধাৰে সমাজ সংগঠক, নাট্যকৰ্মী তথা গোলাঘাট নগৰৰ নতুন আমোলাপট্টিৰ নিবাসী অমল কুমাৰ ৰাজখোৱাৰ বাৰ্ধক্যজনিত কাৰণত বুধবাৰ (১৪ আগষ্ট) বিয়লি প্ৰায় ৩-৩০ বজাত ৮০ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে। তেখেতে ১৯৪৫ চনৰ ২৩জুলাইত গোলাঘাট জিলাৰ বকলাই অঞ্চলত জন্মগ্ৰহণ কৰিছিল। সৰুকালৰে পৰা পঢ়া-শুনা, সাহিত্যচৰ্চা,নাট্যচৰ্চাত অতি মেধাৱী আছিল। পৰৱৰ্তী কালত অভিযন্তা  হিচাবে অসমৰ বিভিন্ন ঠাইত সুখ্যাতি অৰ্জন কৰিছিল। কাৰ্যকালৰ শেষ সময়ত গোলাঘাট জলসিঞ্চন  বিভাগৰ পৰা ২০০৩ চনত অৱসৰ গ্ৰহণ কৰে। মৃত্যুৰ সময়ত পৰিবাৰ, এজন পুত্ৰ, এগৰাকী কন্যা আৰু তিনিগৰাকী নাতি-নাতিনীসহ বহু আত্মীয়-স্বজনক এৰি গৈছে।

No comments