Breaking News

ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস পালন



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ ভাৰতবৰ্ষৰ ' লাইব্ৰেৰী চায়েন্স ' অৰ্থাৎ গ্ৰন্থাগাৰ বিজ্ঞানৰ জনক বুলি আখ্যা দিয়া পদ্মশ্ৰী ড০ এছ আৰ ৰংগনাথনৰ জন্ম দিৱসটো প্ৰতি বছৰে ১২ আগষ্টত সমগ্ৰ দেশজুৰি ৰাষ্ট্ৰীয় গ্ৰন্থাগাৰিক দিৱস হিচাপে পালন কৰা হয়। গোলাঘাটৰ এখন আগশাৰীৰ শিক্ষানুষ্ঠান গোলাঘাট জাতীয় বিদ্যালয়তো কালি এই দিৱস পালন কৰা হয়। গ্ৰন্থাগাৰিক দিৱসৰ লগত সংগতি ৰাখি গোলাঘাট জাতীয় বিদ্যালয়ৰ যোগেন পুণ্যপ্ৰভা প্ৰেক্ষাগৃহত এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়। অনুষ্ঠানৰ আৰম্ভণিতে পদ্মশ্ৰী ড০ এছ আৰ ৰংগনাথনৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণ কৰে বিদ্যালয়ৰ অধ্যক্ষা স্মৃতিৰেখা বৰা আৰু উপাধ্যক্ষা বনশ্ৰী কাকতিয়ে।  তেওঁলোকক সহযোগিতা আগবঢ়ায় বিদ্যালয়ৰ গ্ৰন্থাগাৰিক শিবানী হাজৰিকাই।  ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰী সকলৰ দ্বাৰা বিদ্যালয় সংগীত পৰিবেশন কৰা হয়। তৃতীয় শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে মুঠ তিনিটা শাখাত ছাত্ৰ ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত কৰা হয় গ্ৰন্থ পৰ্যালোচনা মূলক বক্তৃতা প্ৰতিযোগিতা। এই  প্ৰতিযোগিতাত প্ৰতিটো শাখাতে নিৰ্বাচিত কৰি দিয়া মুঠ দহখন গ্ৰন্থৰ যিকোনো এখন গ্ৰন্থ বা গ্ৰন্থৰ অংশবিশেষ পৰ্যালোচনা কৰা। 



উক্ত  প্ৰতিযোগিতাৰ বিচাৰক হিচাপে উপস্থিত থাকে গোলাঘাটৰ হেমপ্ৰভা বৰবৰা ছোৱালী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহকাৰী অধ্যাপক ড০ সুনীল সন্দিকৈ, বিশিষ্ট কবি,  অনুবাদক দিগন্ত শইকীয়া আৰু সুলেখিকা তথা গোলাঘাট জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষয়িত্ৰী স্বপ্নালী কলিতা।

No comments