Breaking News

অসম আন্দোলন, ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী তথা বৰপথাৰৰ সমাজকৰ্মী ভূৱন দত্তৰ দেহাৱসান, বিভিন্ন দল-সংগঠনৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

মাধুৰ্য কোঁৱৰ, ধনশিৰিঃ ধনশিৰি মহকুমাৰ বিশিষ্ট সমাজকৰ্মী, অসম আন্দোলন, ভাষা আন্দোলনৰ সক্ৰিয় কৰ্মী ভূৱন দত্তৰ বৃহস্পতিবাৰে পুৱা পুৱা পৰলোকপ্ৰাপ্তি হয়। কিছুদিনৰ পৰা দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল মহকুমাটোৰ সকলোৰে পৰিচিত ভূৱন দত্ত। জাতিৰ স্বাৰ্থত  ১৭ বাৰকৈ আৰক্ষীৰ হাতত কৰায়ত্ত হৈ, দুবাৰকৈ জেললৈ যাবলগীয়া হৈছিল ভূৱন দত্তই। উল্লেখ্য যে বৰপথাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ জন্মদাতা, বৰপথাৰ চেম্বাৰ্চ অব কমাৰ্চৰ প্ৰতিষ্ঠা কালৰ উপ-সভাপতিৰ লগতে বহুকেইটা অনুষ্ঠান-প্ৰতিষ্ঠাৰ জন্ম দিছিল দত্তদেৱে। সকলোৰে 'ককা', হিচাপে পৰিচিত ভূৱন দত্ত উঠি অহা প্ৰজন্মৰ পথ প্ৰদৰ্শকৰ লগতে বৰপথাৰ অঞ্চলৰ প্ৰথম কিতাপৰ দোকান  'দত্ত বুক ষ্টল'ৰ স্বত্বাধিকাৰী আছিল। তেখেতৰ মৃত্যুৰ পিছতেই বৰপথাৰ হাইস্কুল তিনিআলিত ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। এই অনুষ্ঠানত বিভিন্ন দল-সংগঠনৰ লগতে বহুজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।



দত্তৰ মৃত্যুত জননী লাইভ পৰিয়ালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

No comments