Breaking News

গণিত আৰু বিজ্ঞান বিষয়ক সদৌ অসম প্ৰতিভা সন্ধানী কুইজ প্ৰতিযোগিতা



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ গোলাঘাট নগৰৰ এক অগ্ৰণী ক'চিং চেণ্টাৰ ইগনাইট ক'চিং চেণ্টাৰৰ উদ্যোগত আয়োজন কৰিবলৈ লোৱা হৈছে সদৌ অসম ভিত্তিক  গণিত আৰু বিজ্ঞান বিষয়ক এখনি কুইজ প্ৰতিযোগিতা। অহা ১ চেপ্তেম্বৰত শংকৰদেৱ শিশু বিদ্যা নিকেতন,  গোলাঘাটৰ বাকৰিত অনুষ্ঠিত কৰা হ'ব  এই কুইজ প্ৰতিযোগিতা।  ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অধ্যয়নৰত ছাত্ৰ -ছাত্ৰী সকলক নতুন সংশোধিত পাঠ্যক্ৰমৰ আৰ্হি সম্পৰ্কে কিছু আভাস দিয়াৰ উদ্দেশ্যে ইগনাইট ক'চিং চেণ্টাৰে অনুষ্ঠিত কৰিবলৈ লৈছে এই কুইজ প্ৰতিযোগিতা। মূলতঃ গণিত আৰু বিজ্ঞান বিষয়ক প্ৰশ্ন সম্ভাৰেৰে এই কুইজ প্ৰতিযোগিতাখন অনুষ্ঠিত কৰা হ'ব যদিও সাধাৰণ কুইজৰ বিষয়বস্তুও এই কুইজত থাকিব বুলি উদ্যোক্তা সকলে জনাইছে। ষষ্ঠ শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰী সকলে তিনিজনীয়া দল গঠন কৰি এই প্ৰতিযোগিতাত অংশ গ্ৰহণ কৰিব পাৰিব। বিজয়ী সকলক নগদ ধন আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হ'ব। লগতে বৈদিক গণিতৰ এক বিশেষ পাঠদানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ ব্যৱস্থা কৰা হৈছে। ইচ্ছুক অংশগ্ৰহণকাৰী সকলে প্ৰতিযোগিতা সন্দৰ্ভত সবিশেষ জানিবলৈ ৭৩৯৯২৯৬৩৮২ আৰু ৭০০২০৩৮২১৮ নম্বৰত যোগাযোগ কৰিব পাৰে।

No comments