হাউচিং বোৰ্ডৰ গৃহ আৱন্তনৰ ঘটনাই কঁপাইছে বোকাখাত। গৃহ লাভ কৰা লোকৰ ঘৰে ঘৰে দিছপুৰ আৰক্ষীৰ দল।
ডিজিটেল, বোকাখাতঃ বুধবাৰে মাজ নিশা এদল আৰক্ষী বোকাখাত পৌৰসভাৰ পৌৰপতিৰ ঘৰত৷অকল পৌৰপতিৰ ঘৰতেই নহয়৷আন আন কেইবাগৰাকী লোকৰ ঘৰতো গেটত ঢকিয়াই গৃহস্থক মাজ নিশা উঠাই দি গ'ল নটিছ। প্ৰসঙ্গ অসম পৰ্যটন নিগম (হাউচিং বৰ্ড)ৰ বাসগৃহ আৱন্টন৷ অসম পৰ্যটন নিগমে বোকাখাতত নিৰ্মাণ কৰা হাউচিং বৰ্ডৰ আৱাস সম্ভান্ত ঘৰৰ লোকে লাভ কৰাক লৈ প্ৰথমে বোকাখাত আৰক্ষী থানাত গোচৰ তৰিছিল আৰ টি আই কৰ্মী বিজয় কুটুম নামৰ বোকাখাতৰ এজন ব্যক্তিয়ে৷ কিন্তু বোকাখাত আৰক্ষীয়ে বিশেষ পদক্ষেপ গ্ৰহণ নকৰাত বিজয় কুটুমে গুৱাহাটীৰ দিছপুৰ আৰক্ষী থানাত পুনৰ ১১ গৰাকী ব্যক্তিৰ বিৰুদ্ধে এটা গোচৰ ৰুজু কৰে ৷ বিজয় কুটুমৰ গোচৰৰ ভিত্তিত দিছপুৰ আৰক্ষীয়ে গোচৰ নং 599/2024 ৰ ভাৰতীয় দণ্ডবিধি আইনৰ 120 B/406/420/468/34 ধাৰাত এটা গোচৰ পঞ্জীয়ণ কৰে ৷ সেই গোচৰৰ ভিত্তিতেই বুধবাৰে মাজ নিশা প্ৰথমে বোকাখাতৰ পৌৰপতি ৰত্নেশ্বৰ বৰুৱাৰ ঘৰত অহা ৩০ আগষ্টত দিছপুৰ আৰক্ষী থানাত হাজিৰ হ'বৰ বাবে উপ-আৰক্ষী পৰিদৰ্শক উজ্জল পেগুৰ নেতৃত্বত এটা আৰক্ষী দল বোকাখাত আৰক্ষীৰ সহযোগত হাজিৰ হয় ৷ইয়াৰ পৰৱৰ্তি সময়ত পৌৰসভাৰ কৰ্মচাৰী ৰাজীৱ গগৈ, আন এগৰাকী মহিলা দিপা ছেত্ৰীৰ ঘৰত মাজ নিশা গেট আৰু দৰ্জা ঢকিয়াই গৃহস্থক দিছপুৰ থানাত হাজিৰ হ'বৰ বাবে নটিছ দি থৈ যায়৷ আন আৰু কেইবাগৰাকীৰ ঘৰত নটিছ দিবলৈ আছিল যদিও সাংবাদিকৰ উপস্থিতিৰ বাবে নটিছসমূহ ঘৰে ঘৰে প্ৰদান নকৰি বোকাখাত আৰক্ষী থানাত সেইসকল লোকক দিবৰ বাবে চমজাই দি দিছপুৰ আৰক্ষী থানাৰ আৰক্ষীৰ দলটো সেই স্থানৰ পৰা আতৰি যায় ৷
No comments