Breaking News

যাদৱ পায়েঙৰ অৰন্যৰ পৰা দুস্কৃতি কাৰিয়ে কাটি নিলে বৃহৎ গছগছনি, যোৰহাট-মাজুলীৰ বন বিভাগ গভীৰ নিদ্ৰাত



জিতু কলিতা, যোৰহাটঃ ধংসমুখলৈ গতি কৰিছি মানৱসৃষ্ট যাদৱ পায়েঙৰ অৰণ্য। যোৰহাট ককিলামুখৰ সমীপৱত্তী এলেকা ব্ৰহ্মপুত্ৰ মাজৰ দ্বীপত অৱস্থিত কাৰ্টিক চাপৰিত অৰণ্য মানব যাদব পায়েঙে গঢ়ি তোলা অৰণ্যখনত দুস্কৃতি কাৰিয়ে বহু মূল্যবান গছগছনি কাটি ধংসস্তুপত পৰিনত কৰে৷ যি সময়ত সমগ্ৰ বিশ্বত আলোড়ন সৃষ্টি কৰি আজিৰ পৰা ৪০— ৫০ বছৰমানৰ আগতেই এজন শিশুৱে নিজহাতে গছ পুলি ৰুই য বিশ্বত বুকুত ’ফৰেষ্ট মেন অৱ ইন্ডিয়া’ সন্মানেৰে নতুন দিল্লী জৱহলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা যাদৱ পায়েঙে সন্মান পাই যোৰহাট তথা অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে, ঠিক তেনে ক্ষেত্ৰত অতি দুখৰ বিষয় যে যোৱা ১৮ আগষ্ট ৰাতি একাংশ দুস্কৃতিকাৰিয়ে মেচিনেৰি কৰটে বৃহৎ  আকাৰৰ মূল্যবান বহু শিমলু গছ কাটি লৈ যায় পায়েঙৰ  অৰন্যৰ পৰা৷ অৰন্য মানৱ যাদৱ পায়েঙে অসহায় হৈ যোৰহাট আৰু মাজুলী দুয়ো জিলাৰ বন বিভাগক অবগত কৰিছে যদিও বৰ্তমানলৈকে বৃহৎ গছগছনিবোৰ ব্ৰহ্মপুত্ৰত ভূৰ বান্ধি কলৈ নিছে সেয়া বিভাগে আজিও উলিয়াব পৰা নাই৷ যাদৱ পায়েঙে প্ৰতিবেদকক জনোৱা মতে বিশেষ কামত ব্যস্ত থকা বাবে দুদিনমান অৰন্যখনৰ উত্তৰ আৰু পশ্চিম এলেকালৈ যাব পৰা নাছিল আৰু বৃহৎ অৰন্যখন কেৱল এজন মানুহে প্ৰতিপালন কৰিবলৈ অসম্ভৱ হৈ পৰা সময়তে দুভাগ্যজক ঘটনাটো হয়৷ ব্ৰহ্মপুত্ৰ কাষত মাছ মাৰিবলৈ যোৱা একাংশ মাছমৰীয়াই পায়েঙক হাবিখনত গছ গছনি কাটি চলোৱা তাণ্ডৱ চিনমোকাম দেখি অৱগত কৰে৷ ইতিমধ্যে অৰন্য মানৱ গৰাকীয়ে ঘটনাস্থলীত কালি উপস্থিত হৈ বৃহৎ আকাৰৰ ১৫ জোপাতকৈ অধিক শিমলু গছ কাটি ব্ৰহ্মপুত্ৰই লৈ যোৱা বুলি সন্দেহৰ কথা প্ৰতিবেদকক জনাইছে৷অসমৰ গৌৰৱ হিচাপে অৰন্যমানৱে গঢ়িতোলা অৰন্য খনত মাজেমধ্যে শতাধিক হাতী আৰু ৬-৭ টালৈকে সঘনে গড়ৰ আৰু বাঘৰ আগমন হৈ থকা সময়ত যোৰহাট আৰু মজুলী বন বিভাগৰ কোনো গুৰুত্ব নিদিয়াত স্থানী সচেতন লোকে ধিক্কাৰ দিছে৷ যোৰহাট আৰু মাজুলী দুয়োজিলাৰ সীমামূৰীয়া অঞ্চলত অৱস্থিত বিশ্বৰ বিৰল মানৱসৃষ্ট অৰন্যখন বন বিভাগৰ অৱহেলাৰ বাবে ধংস মুখলৈ গতি কৰিছে বুলি পৰিৱেশ কৰ্মী সকলে সন্দেহ কৰিছে৷



 ’চোৰ গলে বুদ্ধি বৰষুণ গলে জাপি’ দৰে অসম চৰকাৰৰ বন বিভাগে কাৰ্টিক চাপৰি বৃহৎ মূল্যবান সম্পদ দুষ্কৃতি কাৰিয়ে লৈ যোৱাৰ পছত কেৱল গছৰ দালপাতৰ ফটো মাৰিয়ে তদন্ত সামৰিছে বিভাগে৷ কিন্তু ইমান বৃহৎ গছৰ কুন্ডা সমূহ কলৈ লৈ গৈছে সেয়া ভালকৈ তদন্ত কৰা হ’লে অতি সহজে সকলো ওলাই পৰা সম্ভাৱনা আছে৷ এটীয়া যোৰহাট আৰু মাজুলী নগৰৰ মাজমজিয়াত শিল বালি মাটিক লৈ ব্যস্ত হৈ পৰা বিভাগে ক্ৰমানে গুৰুত্ব নিদিয়া হৈ পৰিছি বনজ সম্পদ সমূহৰ প্ৰতি৷ বুধবাৰে যোৰহাট আঞ্চলিক বন বিষয়া অনিমেষ কলিতাৰ পৰা জনা মতে যোৰহাট বন কৰ্মীৰ দল এটাই কালি অৰন্যখনত গছ কটা স্থানবোৰ প্ৰত্যক্ষ কৰে যদিও কোনো দুস্কৃতিকাৰিক এই মূহূৰ্তলৈকে ধৰিব পৰা নাই আৰু কাটি লৈ যোৱা কুন্ডা সমূহত প্ৰত্যক্ষ কৰিব পৰা নাই বুলি জনাইছে৷ অৰন্যখনৰ পৰা কাঠ কুন্ডা সমূহ যোৰহাট আৰু দেৰগাৱৰ অভিমুখে আনিব পাৰে বুলি যাদব পায়েঙে সন্দেহ কৰিছে৷ 



এনেদৰে মাজুলী আৰু যোৰহাট দুয়োটাকৈ বন বিভাগৰ দ্বায়িত্ব থকা পাছতো ব্ৰহ্মপুত্ৰ দ্বীপত অবস্থিত মানব সৃষ্ট অৰন্যখন সময়মতে  বিভাগে গুৰুত্ব নিদিয়াত প্ৰাকৃতিক সম্পদ সমূহ ধংস হৈ পৰা সম্ভাৱনা হৈ পৰিছে৷ অসম চৰকাৰৰ বন বিভাগৰ অকমন্যতাৰ বাবে যাদৱ পায়েঙৰ মানৱ সৃষ্ট অৰণ্যখন এদিন বিলুপ্ত হোৱা সম্ভাৱনা হৈ  পৰিব বুলি পৰিবেশ কৰ্মী সকলে সন্দেহ কৰিছে৷

No comments