Breaking News

গোলাঘাটৰ নামবৰ দৈগ্ৰোং সংগ্ৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যত দুস্পাপ্য মেথোনৰ মৃত্যু ৷



ডিজিটেল সংবাদ, গোলাঘাটঃ আজি গোলাঘাটৰ নামবৰ দৈগ্ৰোং সংগ্ৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ হুৰহুৰি বন শিবিৰৰ সমীপতৰ পৰা  এটা মেথোন মৃত অৱস্থাত উদ্ধাৰ কৰা হয়।  ৷ উক্ত ঘটনাৰ খৱৰ পাই গোলাঘাট আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা  চিকিৎসকৰ সৈতে এটা দ'ল ঘটনা স্থলীত উপস্থিত হৈ মেথোনৰ মৃতদেহ মৰোনোত্তৰ পৰিক্ষাৰ পাছতে গাত খান্দি পুতি থোৱাৰ ব্যৱস্থা কৰে আনহাতে সৰ্প দংশনৰ ফলত মেঠোনটোৰ মৃত্যু হোৱা বুলি চিকিৎসকে জানিবলৈ দিয়ে ৷ উল্লেখযোগ্য যে নামবৰ দৈগ্ৰোং সংগ্ৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্য ক্ৰমান্বয়ে সংকুচিত হৈ অহাৰ ফলত লুপ্ত হ'বলৈ ধৰিছে মেথোনৰ সংখ্যা। মাজে সময়ে এই বনাঞ্চলত দেখা যায় এই লুপ্ত প্ৰায় মেথোনৰ বিচৰণ। বন বিভাগে সময় থাকোঁতেই যদি এই লুপ্ত প্ৰায় মেথোনৰ সংগ্ৰক্ষণৰ ব্যৱস্থা নকৰিলে এদিন হয়তো ইতিহাসৰ পাতত বিলিন হৈ যাব নামবৰ দৈগ্ৰোং সংগ্ৰক্ষিত বন্যপ্ৰাণী অভয়াৰণ্যৰ অলংকাৰ স্বৰূপ এই  মেথোন।

No comments