Breaking News

সৰ্ব্বাইবন্ধা পূজা মন্দিৰত ৭৮ তম স্বাধীনতা দিৱস উদযাপন



মৃদুস্মিতা শৰ্মা, যোৰহাটঃ যোৰহাটৰ সৰ্ব্বাইবন্ধা পূজামন্দিৰৰ প্ৰাংগনত দেশৰ ৭৮ তম স্বাধীনতা দিৱস উদযাপন কৰা হয় । পুৱা ৮.৩০ বজাত ৷ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ সভাপতি পবিত্ৰ বৰঠাকুৰ দেৱে । ভাষণ প্ৰসংগত তেখেতে স্বাধীনতা সংগ্ৰামত দেশৰ হকে প্ৰাণ আহুতি দিয়া বীৰ শ্বহীদ সকলক শ্ৰদ্ধাৰে সোঁৱৰে। ভাৰতত জন্মগ্ৰহণ কৰা বিভিন্ন জাতি,ধৰ্ম নিৰ্বিশেষে  সকলোৱে একগোট হৈ একেদাল এনাজৰীৰে বান্ধ খাই ভাৰত মাতৃৰ বাবে কাম কৰি যাবলৈ সকলোকে অনুৰোধ কৰে।হৰিজন বন্ধু,দেশপ্ৰাণ কৃষ্ণ নাথ শৰ্মাৰ জন্মষ্ঠান সৰ্ব্বাইবন্ধা আজি গৌৰাৱাম্বিত বুলি তেখেতে উল্লেখ কৰি দেশ প্ৰাণ গৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনায়। অনুষ্ঠানটোত সৰ্ব্বাইবন্ধা পূজা মন্দিৰৰ যুটীয়া সম্পাদক পৰাগ প্ৰতিম বৰুৱাই আতঁ ধৰা অনুষ্ঠানটিত ক্ৰমে দ্বীজেন শৰ্মা ,জীতেন্দ্ৰ নাথ বৰুৱা,অতুল ভাগৱতী,জোন মনি বৰা আদি বক্তি সকলে বক্তব্য ৰাখে।



অনুষ্ঠানটিত ৬৬ নং হেজাৰী প্ৰাথমিক  বিদ্যালয়ৰ ৰ ছাত্ৰ ছাত্ৰী সকলে দেশপ্ৰেমমূলক নিত্য পৰিবেশন কৰি সকলোকে আপ্লুত কৰে।অনুষ্ঠানৰ সৈতে সংগতি ৰাখি মন্দিৰৰ সভাপতি পবিত্ৰ বৰঠাকুৰে এটি গছপুলি ৰোপণ কৰে। অনুষ্ঠানৰ শেষত কণ-কণ ল’ৰা -ছোৱালী সকলক মৰ্টন আৰু পুৰুষ -মহিলা সকলোকে চাহ মিঠাই আপ্যায়িত কৰা হয়।



No comments