Breaking News

ৰাজ্যিক বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাত শীৰ্ষস্থান দখল গোলাঘাট জাতীয় বিদ্যালয়ৰ ছাত্ৰৰ


সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ গুৱাহাটীৰ নুনমাটিস্থিত অসম জাতীয় বিদ্যালয়ৰ উদ্যোগত যোৱা ১০ আগষ্টত অনুষ্ঠিত কৰা ৰাজ্যিক পৰ্যায়ৰ বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাত শীৰ্ষস্থান দখলেৰে গোলাঘাট জিলালৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে গোলাঘাট জাতীয় বিদ্যালয়ৰ দুই ছাত্ৰই। অসম জাতীয় বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতা বিজ্ঞানৰ পৰীক্ষা,  বিজ্ঞান প্ৰকল্প আৰু আৰ্হি এই তিনিটা শিতানত হৈছিল।  ৰাজ্যিক পৰ্যায়ৰ এই বিজ্ঞান ভিত্তিক প্ৰতিযোগিতাত ৰাজ্যখনৰ ৬০ খন শিক্ষানুষ্ঠানৰ মুঠ ১৩৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছিল।  গোলাঘাট জাতীয় বিদ্যালয়ৰ পৰা মুঠ তিনিটা দলে অংশ লৈছিল। তিনিওটা দলে বিজ্ঞানৰ কেতবোৰ প্ৰকল্প প্ৰদৰ্শন কৰিছিল। উক্ত প্ৰতিযোগিতাত গোলাঘাট জাতীয় বিদ্যালয়ৰ নৱম শ্ৰেণীত অধ্যয়নৰত নীৰজ সোণোৱাল আৰু প্ৰত্যুষ দুৱৰাৰ দলটোৱে প্ৰদৰ্শন কৰা প্ৰকল্পটো শ্ৰেষ্ঠ বুলি বিবেচিত হয় আৰু তেওঁলোকে প্ৰথম পুৰস্কাৰ পাবলৈ সক্ষম হয়। উল্লেখ্য যে নীৰজ সোণোৱাল আৰু প্ৰত্যুষ দুৱৰাই তৈয়াৰ কৰা প্ৰকল্পটো আচলতে এক ৰেইন ডিটেক্টৰ অৰ্থাৎ বৰষুণৰ পূৰ্বানুমান কৰিব পৰা এক বিশেষ যন্ত্ৰ। সাধাৰণতে পাহাৰীয়া অঞ্চলত হোৱা প্ৰবল বৃষ্টিপাতৰ ফলত ভূমিস্খলন ঘটে যাৰ ফলত বহুলোক আৱদ্ধ হৈ পৰি মৃত্যু মুখত পৰিব লগীয়া হয়।  বিশেষকৈ কয়লা খনিৰ ভিতৰত কাম কৰি থকা শ্ৰমিকৰ ক্ষেত্ৰত হঠাৎ হোৱা ধাৰাসাৰ বৰষুণ আৰু ভূমিস্খলনৰ ফলত কয়লা খনি পোত গৈ প্ৰাণ হেৰুৱাব লগীয়া হয়।  গতিকে ছাত্ৰদ্বয়ে এনে এক যন্ত্ৰ সাজি উলিয়াইছে যাৰ সহায়ত নিৰ্দিষ্ট পাহাৰীয়া অঞ্চলত ধাৰাসাৰ বৰষুণ হোৱাৰ ক্ষন্তেক সময় পূৰ্বে আগজাননী লাভ কৰিব পাৰিব আৰু সেই অনুসৰি সাৱধানতা অৱলম্বন কৰিব পাৰিব। গোলাঘাট জাতীয় বিদ্যালয়ৰ গণিত আৰু বিজ্ঞান বিষয়ৰ সহকাৰী শিক্ষক মৃত্যুঞ্জয় ঘোষৰ তত্বাৱধানত যোৱা বিদ্যালয়ৰ দল তিনিটাৰ ভিতৰত এটা দলে এইদৰে ৰাজ্যৰ ভিতৰত শীৰ্ষস্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱাত বিদ্যালয় কৰ্তৃপক্ষই অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে।

No comments