Breaking News

গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত মন্ত্ৰী অজন্তা নেওগৰ 'নিযুত মইনা' আঁচনিৰ প্ৰ-পত্ৰ বিতৰণ


সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ গোলাঘাট বাণিজ্য মহাবিদ্যালয়ত আজি অসম চৰকাৰে শেহতীয়াকৈ ছাত্ৰী সবলীকৰণৰ উদ্দেশ্যৰে শুভাৰম্ভ কৰা অভিলাষী আঁচনি 'নিযুত মইনা'ৰ প্ৰ-পত্ৰ বিতৰণ কৰা হয়। অসম চৰকাৰৰ বিত্ত, শিশু আৰু মহিলা কল্যাণ বিভাগৰ মন্ত্ৰী অজন্তা নেওগে এই প্ৰ-পত্ৰ বিতৰণ কাৰ্যসূচীত ভাগ লয়। এই উপলক্ষে মহাবিদ্যালয়ৰ ৰাণা তামুলী সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত  সভাখনৰ আৰম্ভণিতে  মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ উৎপল শৰ্মাই আদৰণী ভাষণ আগবঢ়ায়। মন্ত্ৰী অজন্তা নেওগে তেওঁৰ বক্তব্যত 'নিযুত মইনা' আচঁনিখনে ছাত্ৰীসকলক শিক্ষাৰ ক্ষেত্ৰখনত আগবাঢ়ি যোৱাত সহায় কৰিব বুলি কয়। তদুপৰি সমাজত শিক্ষাৰ ক্ষেত্ৰত পুৰুষৰ বিপৰীতে নাৰীৰ শিক্ষাৰ অনুপাতৰ ক্ষেত্ৰত থকা বৈষম্য, বাল্য বিবাহ আদি দূৰ কৰি সামগ্ৰিকভাৱে নাৰী সবলীকৰণৰ দিশতো এই আচঁনিখনে বিশেষ প্ৰভাৱ পেলাব বুলি তেওঁ মত প্ৰকাশ কৰে। অধ্যাপক ভাস্কৰ কাকতিয়ে আঁত ধৰা  সভাখনত গোলাঘাট জিলাৰ অতিৰিক্ত আয়ুক্ত পাপৰি দাস, মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰশান্ত বৰা, উপাধ্যক্ষা অনামিকা হাজৰিকা, মহাবিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী আৰু ছাত্ৰ-ছাত্ৰীসকল উপস্থিত থাকে। 


উল্লেখ্য যে 'নিযুত মইনা' আঁচনিখনৰ জৰিয়তে মহাবিদ্যালয়খনৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ আৰু স্নাতক প্ৰথম ষান্মাসিকৰ মুঠ ৩৫৫ গৰাকী ছাত্ৰী উপকৃত হ'ব।


No comments