Breaking News

গোলাঘাটত বিজেপি দলৰ জেষ্ঠ নেতা ৰাজেন গোঁহাইৰ গোপন বৈঠকঃ অংশ ললে গোলাঘাট জিলা বিজেপিৰ পুৰণি নেতা কৰ্মীয়ে।



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ প্ৰশান্তি ল'জত নগাঁও লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বিজেপি দলৰ প্ৰাক্তন সভাপতি ৰাজেন গোঁহাইৰ সৈতে আজি গোলাঘাটত পুৰণি বিজেপি নেতা কৰ্মীৰ গোপন বৈঠক অনুষ্ঠিত হয় ৷ জানিবপৰামতে গোলাঘাটৰ প্ৰশান্তি ল’জত পুৰণি বিজেপি ১৯ গৰাকী লোকৰ সৈতে প্ৰায় ডেৰ ঘণ্টাযোৰা এক বৈঠকত মিলিত হয় ৷ বৈঠকত ৰাজ্যিক কাৰ্যনিৰ্বাহক আমন্ত্ৰিত সদস্যা জীনা বৰুৱা যুৱনেতা সঞ্জু কৌশিক ; বিদ্যুৎ বিকাশ বৰা ; দিলিপ শইকীয়া কেধৰি কৃষাণ মৰ্চাৰ কেইবাজনো নেতা ;পোনা বৰুৱা আদি লগতে জিলা বিজেপিৰ সদস্যসকল উপস্থিত আছিল ৷ তিনিচুকীয়াৰ পিছত গোলাঘাটত পুৰণি সতীৰ্থৰ সৈতে আলোচনাত মিলিত হোৱা বিষয়টোৱে এতিয়া ৰাজনীতি মহলত তীব্ৰ আলোৰনৰ সৃষ্টি কৰিছে ৷ আনহাতে এই গোপন বৈঠকত কেনেধৰণৰ আলোচনাই ঠাই পাইছে সেই কোনোধৰণৰ কথা সাংবাদিকৰ আগত প্ৰকাশ কৰাৰ পৰা বিৰত থাকে জেষ্ঠ নেতা ৰাজেন গোঁহাই আৰু গোলাঘাটৰ পুৰণি বিজেপি দলৰ নেতা কৰ্মীয়ে। উল্লেখযোগ্য যে বিজেপি দলৰ ভিতৰ চ'ৰাত ন বিজেপি আৰু পুৰণি বিজেপি মাজত এক শীতল সংঘাত চলি থকাটো নুই কৰিব নোৱাৰি যাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন সময়ত ৰাজ্যিক বিজেপিৰ সভাপতিকে ধৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বহু বিজেপি নেতাই পুৰণি বিজেপি দলৰ নেতা কৰ্মী সকলক উদ্দেশ্য কৰি বিভিন্ন ধৰণৰ বক্তব্য কৰা পৰিলক্ষিত হয় ঠিক তেনে দৰে পুৰণি বিজেপি দলৰ জেষ্ঠ নেতা কৰ্মীয়ে ন বিজেপিলৈ লক্ষ্য কৰি বিভিন্ন ধৰণৰ বক্তব্য আগবঢ়ায় আহিছে ৷ মন্ত্ৰী অজন্তা নেওগেও পুৰণা নেতা কৰ্মীক এলাগি কৰাত পুৰনি কৰ্মী সকল সংগঠিত হৈছে ৷ঠিক তেনে বিজেপিৰ জেষ্ঠ নেতা ৰাজেন গোঁহাইয়ে গোলাঘাট নগৰৰ মাজমজিয়াত এখন হোটেলত পুৰণি বিজেপি নেতা কৰ্মীৰ লগত গোপন বৈঠকত মিলিত হোৱাত এতিয়া ৰাজনৈতিক মহলত বিশেষ চৰ্চা লাভ কৰিছে। ২০২৬ ৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে নতুন দ'ল সংগঠন যো জা চলাইছে নেকি ৰাজেন গোঁহাইয়ে সেইয়া সময়ে ক'ব।

No comments