Breaking News

NRLৰ টাউনশ্বিপত মৃত হাতী সমাধিস্ত কৰা দুই বিষয়াক অৱশেষত গ্ৰেপ্তাৰ

এনআৰএল নগৰাঞ্চলৰ বন্যহস্তী মৃত্যুঃশালমৰা আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ পৰা ছয়ঘণ্টাৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ এনআৰএলৰ দুই বিষয়াক


ডিজিটেল সংবাদ, গোলাঘাটঃ অৱশেষত গ্ৰেপ্তাৰ হ’ল এনআৰলৰ দুই বিষয়া।শালমৰাস্থিত আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ৬ ঘণ্টা জেৰাৰৰ অন্তত গ্ৰেপ্তাৰ কৰে নুমলীগড় তেল শোধনাগাৰৰ নগৰাঞ্চলৰ মুখ্য প্ৰবন্ধক উজ্জ্বল নয়ন সন্দিকৈ আৰু প্ৰবন্ধক বেদাঙ্গ কাশ্যপক। গোলাঘাট জিলা বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীৰ নেতৃত্বত তদন্তকাৰী বিষয়া ছয়ফুল ইছলামে আজি আঞ্চলিক বন বিষয়া কাৰ্যালয়ত ঘটনাৰ সন্দৰ্ভত সোধ-পোচ কৰাৰ অন্তত  আঞ্চলিক বন কাৰ্যালয়ৰ পৰাই দুয়োগৰাকী বিষয়াক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে যোৱা ১৮ জুলাইত বনবিভাগৰ অজ্ঞাতে নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা এটা বন্যহস্তীক বন বিভাগৰ অজ্ঞাতে ধৃত দুই বিষয়াৰ নিৰ্দশতে গোপনে পুতি ৰাখিছিল দুই বিষয়াই। ইয়াৰ পিছতেই বন বিভাগে বিষয়টো অৱগত হোৱাৰ পিছত হাতীটো পুনৰ গাঁতৰ পৰা উলিয়াই অস্ত্ৰোপ্ৰচাৰ সম্পন্ন কৰিছিল যদিও গোপনে পুতি থকা বিষয়টোক লৈ  বিভিন্ন মহলত সৰৱ চৰ্চা তলিছিল। 



ইয়াৰ সমান্তৰালভাৱে জননী লাইভেও নিৰন্তৰভাৱে ঘটনাটোৰ সন্দৰ্ভত বাতৰি পৰিৱেশন কৰি আহিছিলোঁ। অৱশেষত আজি ঘটনাত জড়িত দুই বিতৰ্কিত বিষয়াক বন বিভাগৰ গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰা হ’ল। অন্যহাতে নগৰাঞ্চলত বিদ্যুৎ সংযোগত গাফিলতি থকাৰ অভিযোগ উঠিছে এইক্ষেত্ৰত বিদ্যুৎ সংযোগৰ দায়িত্বত থকা নগাঞ্চলৰ সহকাৰী অভিযন্তা মুজাম্মিল হুছেইনক আইনৰ আওতাত অনাৰ দাবী উঠিছে বিভিন্ন মহলত।

No comments