Breaking News

NRLৰ নগৰাঞ্চলত বিদ্যুৎস্পৃষ্ট হৈ বনৰীয়া হাতীৰ কৰুণ মৃত্যু, নগৰাঞ্চল কৰ্তৃপক্ষৰ কাৰ্যত হতচকিত পৰিৱেশকৰ্মী, দল-সংগঠনৰ নেতৃত্ব

NRLৰ নগৰাঞ্চলত বিদ্যুৎস্পৃত হৈ বন্যহস্তীৰ ৰহস্যজনক মৃত্যু৷ বন বিভাগক খবৰ নিদিয়াকৈ পুতি পেলাইছিল বন্যহস্তীটোক৷ NRLৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ পৰাও গোপনে ৰাখিছিল খবৰ৷ খান্দি উলিওৱা হৈছে মৃত হাতীটোক...




ডিজিটেল সংবাদ, নুমলীগড়ঃ নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষৰ হঠকাৰিতাৰ ফলতে বৃহস্পতিবাৰে আন এটা বনৰীয়া হাতীয়ে প্ৰাণ হেৰুৱায় ৷ এনআৰএলৰ নগৰাঞ্চলৰ পখিলা উদ্যানত বিদ্যুত পৰিবাহী তাঁৰত লাগি মৃত্যু হয় প্ৰাপ্তবয়স্ক হাতীটোৰ ৷লক্ষ্যণীয়ভাৱে হাতীটোৰ মৃত্যুক কেন্দ্ৰ কৰি এক ৰহস্যময় পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ এন আৰ এলৰ পখিলা উদ্যানত মৃত্যু হোৱা হাতীটোক প্ৰথমে জেচিবিৰে খান্দি গোপনেই পুতি পেলাইছিল শোধনাগাৰ নগৰাঞ্চলৰ কৰ্তৃপক্ষই ৷ তাৰ পাছত বিয়লি এনআৰএলৰ মানৱ সম্পদ আৰু জনসম্পৰ্কৰক্ষী বিভাগৰ বিষয়াসকলে সেই সম্পৰ্কে জানিব পাৰি ঘটনা সন্দৰ্ভত গোলাঘাটৰ বন বিভাগক অৱগত কৰে ৷ তথ্য লাভ কৰিয়েই গোলাঘাটৰ বন প্ৰাধিকাৰী বিষয়া সুশীল কুমাৰ ঠাকুৰীয়াই বন বিভাগৰ দল এটা লৈ এনআৰএলৰ নগৰাঞ্চলত উপস্থিত হয়গৈ ৷ ডিএফঅ’ ঠাকুৰীয়াই তাৎক্ষণিকভাৱে ঘটনাৰ অনুসন্ধান কৰে ৷ ঘটনাটো কিদৰে সংঘটিত হ’ল, তাৰো চিহ্ণ (scene) সৃষ্টি কৰি অনুসন্ধান কৰে বন বিভাগে ৷কিন্তু সন্ধিয়া আন্ধাৰ হৈ অহাত আৰু ঘটনাটোৰ আৰু অধিক অনুসন্ধানৰ প্ৰয়োজনীয়তা অনুভৱ কৰি ডিএফঅ’ ঠাকুৰীয়াই বনকৰ্মীক দায়িত্ব দি হাতীটো পুতি ৰখা অৱস্থাতে এৰি যায় ৷



ইফালে আজি বন বিভাগৰ এটা শীৰ্ষ বিষয়াৰ দল ঘটনাস্থলীত উপস্থি হৈ  মৰণোত্তৰ পৰীক্ষাৰ  ব্যৱস্থা কৰিছে ৷ ইফালে এনআৰএলে হাতীটো বন বিভাগকে ধৰি সকলো পক্ষকে অন্ধকাৰত ৰাখি সমাধিস্থ কৰা কাৰ্যত জাঙুৰ খাই উঠিছে কেইবাটাও দল সংঘঠনৰ লগতে পৰিৱেশকৰ্মীসকল। পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে এই সমগ্ৰ ঘটনাত দুখ প্ৰকাশ কৰি কৰ্তৃপক্ষৰ এনে অবিচেক কাণ্ডক নিন্দা কৰি চৰকাৰ তদন্তৰ দাবী কৰে। লগতে অন্য পৰিৱেশকৰ্মী দিলীপ নাথেও সমগ্ৰ প্ৰক্ৰিয়াৰ তদন্ত কৰি এন.আৰ.এলৰ বিৰুদ্ধে ব্যৱস্থা দাবী কৰে। ঠিক সেইদৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় বিষয়ববীয়া পিণ্টু গগৈয়ে ঘটনাস্থলীত উপস্থিত হৈ সমগ্ৰ ঘটনা তদন্ত কৰি দোষীক শাস্তি প্ৰদানৰ দাবী কৰে। 



উল্লেখ্য যে, মৃত্যু হোৱা হাতীটো ৰহস্যজনকভাৱে নুমলীগড় শোধনাগাৰ নগৰাঞ্চলৰ কৰ্তৃপক্ষই বন বিভাগ আৰু শোধনাগাৰৰ উৰ্দ্ধতম কৰ্তৃপক্ষৰ  পৰা  গোপনে  ৰাখি  জেচিবিৰে গাঁত খান্দি পুতি  পেলাইছিল মৃত হাতীটো। 

No comments