Breaking News

আটাছুৱে তিনিচুকীয়াত আয়োজন কৰা অনুষ্ঠানলৈ নাযায় কণ্ঠশিল্পী জুবিন গাৰ্গ।



ডিজিটেল ডেস্কঃআটাছুৱে তিনিচুকীয়াত আয়োজন কৰা অনুষ্ঠানলৈ নাযায় কণ্ঠশিল্পী জুবিন গাৰ্গ। অৱশ্যে জুবিন গাৰ্গে কমিটিক কথাও দিছিল যাম বুলি। কিন্তু কমিটিৰ অপেছাদাৰী কিছু কাৰবাৰৰ বাবে অৱশেষত অনুষ্ঠান বাতিল কৰিলে জুবিন গাৰ্গ আৰু তেওঁৰ টীমে। জুবিনে বাতিল কৰা অনুষ্ঠানটো আয়োজন কৰিছিল সদৌ অসম তাই আহোম ছাত্ৰ সন্থাই। তিনিচুকীয়াত সংগঠনটোৱে আনুষ্ঠিত কৰা ৩৬সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ সংগীতানুষ্ঠানত অংশ লোৱাৰ কথা আছিল জুবিন গাৰ্গে । সাংস্কৃতিক অনুষ্ঠানৰ বাবে ১৫জুলাই জুবিন গাৰ্গক ঠিক কৰিছিল। কিন্তু উদযাপন সমিতিৰ কিছু বিসংগতিমূলক কামৰ বাবে অৱশেষত এই অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে জুবিনে। এই কথা নিজা ফেচবুক পেইজৰ জৰিয়তে ৰাজহুৱা কৰিলে শিল্পীগৰাকীয়ে।




জুবিনে নিজা  ফেচবুক পেইজত লিখিছে এইদৰে-  Sorry to inform the people of Tinsukia that this program stands cancelled due to the unprofessionalism of the organizers. My team has informed me about the discrepancy, and I stand by my management. I regret that I couldn't meet you guys! We shall see each other soon…

No comments