Breaking News

গোলাঘাট এৰেঙ্গাপাৰাৰ নিবাসী সূৰ্য কুমাৰ গাম ওৰফে বীৰেণ গামৰ মৃত্যু শোক



ডিজিটেল সংবাদঃ ১৯৪১ চনত মাজুলীৰ ধাপাক গাঁৱত জন্মগ্ৰহণ কৰা বৰ্তমান গোলাঘাট নগৰৰ এৰেঙ্গাপাৰাৰ নিবাসী তথা ৰেভিনিউ চিৰস্তাদাৰ পদৰ পৰা ১৯৯৯ চনত অৱসৰ গ্ৰহণ কৰা সূৰ্য কুমাৰ গাম ওৰফে বীৰেণ গামৰ শুক্ৰবাৰে ( ১২ জুলাই,২০২৪) নিশা  ১১-১৫ বজাত বাৰ্ধক্যজনিত কাৰণত ভাৰ্য্যা পুত্ৰ-বোৱাৰী ,জী-জোৱাই, নাতি নাতিনী তথা পৰিয়াল বৰ্গ আৰু জ্ঞাতি কুটমক কন্দোৱাই চিৰদিনলৈ স্বগৃহতে ইহ সংসাৰৰ পৰা মেলানি মাগে। উল্লেখনীয় যে তেখেত বাল্যকালৰ পৰাই কৰ্ম নিষ্ঠা, আগৰণুৱা আৰু অতি শৃংখলাবদ্ধ লোক আছিল। বৰ্তমান মাজুলী জিলাৰ দক্ষিণ কমলা বাৰীৰ তেখেত প্ৰথম চৰকাৰী কৰ্মচাৰী আছিল। গোলাঘাট জিলা প্ৰতিষ্ঠাৰ সময়ত প্ৰথম ৰেভিনিউ চিৰস্তদাৰ পদত অধিস্থিত থাকি জিলাখনলৈ বৃহত অৱদান আগবঢ়াইছিল। তদ্ৰুপ তেখেত মিচিং সমাজৰো প্ৰথম চিৰস্তাদাৰ আছিল। তেখেতে যোৰহাট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এজন প্ৰাক্তন ছাত্ৰ আছিল। চৰকাৰী কৰ্মচাৰীৰ সমান্তৰালকৈ তেখেতে ৰাজহুৱা  সমাজলৈ যথেষ্ট বৰঙনী যোগাইছিল। তেখেত গোলাঘাট মিচিং কৌবাঙৰ প্ৰতিষ্ঠাপক সভাপতি আছিল। তদুপৰি গোলাঘাট জিলাস্থিত এৰেঙ্গাপাৰা মিচিং মূৰং ঘৰৰ ভূমি আৱন্তত আৰু গৃহ নিৰ্মাণত তেখেতে বলিষ্ঠ ভূমিকা লৈছিল। তেখেতৰ একান্ত প্ৰচেষ্টাতে বাঘচোং নৰাগাওঁ পানী যোগান আচঁনিয়ে প্ৰতিষ্ঠা লাভ কৰিছিল। প্ৰতিষ্ঠাকালৰ পৰা মৃত্যু ঠিক দুবছৰৰ আগলৈকে অৰ্থাৎ ২০২১ চনলৈকে এক সুদীৰ্ঘ সময় ধৰি উক্ত অনুষ্ঠানৰ সভাপতিৰ দায়িত্ব পালন কৰি ৰাইজৰ অভাৱ অভিযোগ নিৰ্মূল বাবে অসীম ত্যাগ স্বীকাৰ কৰিছিল। তেখেত গোলাঘাট জিলা ট্ৰাইবেল সংঘৰ সভাপতিৰ দৰে গধুৰ পদত ন্যস্ত থাকি জনজাতীয় সমাজলৈ এক বৈপ্লবিক ধাৰা বোৱাবলৈ সক্ষম হৈছিল। 



উল্লেখ কৰা দৰকাৰ যে তেখেত মাজুলী অঞ্চলৰ সুদক্ষ ফুটবল খেলুৱৈ আছিল। ইয়াৰ উপৰিও তেখেত বিভিন্ন ধৰণৰ সামাজিক দল সংগঠনৰ লগত জড়িত থাকি সমাজলৈ অসীম অৱদান যোগাইছিল। সমাজ হিতৈষী স্বৰ্গীয় সূৰ্য কুমাৰ গামৰ মৃত্যুত গোলাঘাট মিচিং কৌবাং, গোলাঘাট মিচিং বাংকে আগম কেবাং ,শ্বহীদ কমলা মিৰি ন্যাসৰ সমূহ কৰ্মকৰ্তা, গোলাঘাট জিলা ট্ৰাইবেল সংঘ, স্থানীয় ৰাইজ আৰু বহুতো গুণমুগ্ধই তেখেতৰ বিদেহ আত্মাৰ সদগতি কামনা কৰি শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে।

No comments