Breaking News

অচল বোকাখাত পৌৰসভাৰ জাৱৰ নিষ্কাশন ব্যৱস্থা, চৰম ভাবুকি ডিফলু নদীলৈ।

অচল বোকাখাত পৌৰসভাৰ জাৱৰ নিষ্কাশন ব্যৱস্থা, চৰম ভাবুকি ডিফলু নদীলৈ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ ভাবুকি আনিছে পৌৰসভাৰ ডাম্পিং গ্ৰাউণ্ডে। ব্যৱস্থা গ্ৰহণৰ দাবী পৰিৱেশ কৰ্মী অপূৰ্ব বল্লভ গোস্বামীৰ।



ডিজিটেল ডেস্কঃ ৰাজহুৱা ধন অপচয়ৰ অভিকেন্দ্ৰ হৈ পৰিছে এতিয়া বোকাখাতৰ এইটো ডাম্পিং জ’ন।  এই ডাম্পিং জ’নে এতিয়া কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ নমাই আনিছে ব্যাপক দুৰ্যোগৰ আগজাননী। কাজিৰঙাৰ জীৱকূললৈ নামি আহিব বিপৰ্যয়। ইয়াৰ মূল কাৰণ হৈছে বোকাখাতৰ ডিফলু নৈৰ পাৰৰ বোকাখাত নগৰৰ আৱৰ্জনাৰ ডাম্পিং গ্ৰাউণ্ড। এতিয়া ইয়াত নগৰীয়া গৰুৱে নগৰৰ উচিষ্ট ভক্ষণ কৰি তথাকথিত ডাম্পিং গ্ৰাউণ্ডত চাফাই চলাই থকা পৰিলক্ষিত হয়। বোকাখাত মহকুমা প্ৰশাসন, বোকাখাত পৌৰসভাৰ নিষ্ক্ৰীয়তা, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ চৰম উদাসীনতাৰ বাবে কাজিৰঙাৰ মাজেদি বৈ যোৱা ডিফলু নৈ চৰম ভাবুকি কঢ়িয়াই আনিছে। মূলতঃ ডিফলু কাজিৰঙাৰ জীৱনদায়িনী তথা হৃদপিণ্ডস্বৰূপ। । কিন্তু সংশ্লিষ্টসকলৰ তাক লৈ নাই সমূলি গুৰুত্ব। ডাম্পিং গ্ৰাউণ্ডৰ গেলা-পচা আৱৰ্জনা, প্লাষ্টিক, পলিথিন, বিষাক্ত ঔষধৰ পেকেটৰ লগতে নগৰখনৰ সমগ্ৰ বৰ্জিত আৱৰ্জনাৰ সোঁত বৰষুণ দিলেই পৰিবলৈ ডিফলুত। তাৰ পাছত কাজিৰঙাত কি ভৱাবহ পৰিস্থিতিৰ সৃষ্টি হ’ব, সেয়া কল্পনা  কৰিলেও ভয় লাগে। 



এইটো বোকাখাতৰ লতাবাৰীত থকা  বোকাখাত নগৰৰ ডাম্পিং গ্ৰাউণ্ড। চৌদিশে পকী দেৱালৰ মাজত এটা জাৱৰ নিষ্কাশন যন্ত্ৰসহ এটা বৃহৎ পকী গৃহ। কিন্তু এই সমূহৰ নামতহে আছে। কামত পিছে নাই। একপ্ৰকাৰ ধোঁৱাচাঙত বোকাখাত নগৰৰ জাৱৰ নিষ্কাশন প্ৰকল্প। নুমলীগড় শোধনাগাৰ কৰ্তৃপক্ষই জাৱৰ নিষ্কাশনৰ বাবে আৱণ্টন দিয়া কোটি কোটি টকা ক’ত গ’ল কি হ’ল কোনেও নাজানে। কাৰ্যক্ষম নহ’ল জাৱৰ নিষ্কাষণ যন্ত্ৰ। জাৱৰ নিষ্কাশন যন্ত্ৰ স্থাপন কৰিয়েই দায়িত্ব সামৰিলে বোকাখাত পৌৰসভাই।  যাৰ বাবে এতিয়া চৌদিশে এক পুৰ্তিগন্ধময় পৰিৱেশ। বিগত প্ৰায় ৪ বছৰেও সম্পূৰ্ণ নহ’ল এই ডাম্পিং জ’নৰ। 



এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে পৰিৱেশকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে। গোস্বামীয়ে বোকাখাত পৌৰসভাৰ লগতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষৰ এইক্ষেত্ৰত গ্ৰহণ কৰা নিষ্ক্ৰীয় ভূমিকা তীব্ৰ সমালোচনা কৰিছে। ৰাষ্ট্ৰীয় উদ্যান খনৰ স্বাৰ্থত কাজিৰঙাৰ হৃদপিণ্ডস্বৰূপ ডিফলু নদীখনক অতি শীঘ্ৰে প্ৰদূষণমুক্ত কৰাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰাৰ আহ্বান জনোৱাৰ লগতে কাজিৰঙাৰ বন্যপ্ৰাণীৰ স্বাৰ্থত উক্ত ডাম্পিং গ্ৰাউণ্ডখন স্থানান্তৰৰ দাবী জনাইছে পৰিৱেশকৰ্মীগৰাকীয়ে। 


No comments