Breaking News

তেজপুৰত ৪ ড্ৰাগছ সৰবৰাহকাৰী আটক, উদ্ধাৰ ৬১১ গ্ৰাম হেৰইন



বিশ্বজ্যোতি কলিতা, তেজপুৰঃ তেজপুৰত ড্ৰাগছ সৰবৰাহকাৰী আটক। এক গোপন সূত্ৰৰ ভিত্তিত শোণিতপুৰৰ উপ আৰক্ষী অধীক্ষক দেবাশিষ কাজাষ্টা আৰু তেজপুৰ সদৰ থানাৰ প্ৰভাৰী ভাস্কৰ বেজবৰুৱাৰ নেতৃত্বত চলোৱা এক অভিযানত তেজপুৰ থানাৰ অন্তৰ্গত দোলাবাৰীৰ সমীপৰ ছেহনাজ হোটেলৰ সমীপৰ পৰা চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীসহ ড্ৰাগছ ভৰ্তি  ৫০টা চাবোনৰ বাকচ উদ্ধাৰ কৰে।  শিলচৰৰ পৰা লক্ষীমপুৰৰ বঙাল মৰালৈ AS09 F-8185 নম্বৰৰ বলেৰ’ বাহনত চাৰিজন ড্ৰাগছ সৰবৰাহকাৰীয়ে ৫০টা চাবোনৰ বাকছত ৬১১ গ্ৰাম হেৰইন সৰবৰাহৰ চেষ্টা কৰোঁতে চাৰি সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তেজপুৰ আৰক্ষী।  উক্ত ড্ৰাগছখিনিৰ মূল্য এক কোটিৰ অধিক বুলি আৰক্ষীসূত্ৰে প্ৰকাশ পাইছে।  



আনহাতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে বিহপুৰীয়া থানাৰ অন্তৰ্গত বঙালমৰাৰ ৰাজীৱ ইছলাম, ফাইজুল ইছলাম, হোজাই ডবকা নীলবাগানৰ জিয়াবুৰ ৰহমান আৰু লক্ষীমপুৰ চানমাৰীৰ ফকৰুদ্দিন আলী। চাৰিওকে গ্ৰেপ্তাৰ কৰি অধিক তদন্ত অব্যাহত ৰাখিছে তেজপুৰ আৰক্ষীয়ে।

No comments