Breaking News

বিশ্ব জনসংখ্যা দিৱস উদযাপন

 


ডিজিটেল সংবাদ, গোলাঘাটঃ বৃহস্পতিবাৰে বিশ্ব জনসংখ্যা দিৱস জিলা ভিত্তিক উদযাপন কৰা হয় গোলাঘাট নগৰৰ বেঙেনাখোৱা স্থিত নগৰীয় স্বাস্থ্য কেন্দ্ৰত। এই দিৱসৰ লগতে আৰম্ভ হয় পৰিয়াল পৰিকল্পনা পষেক। সভাখনৰ অধ্যক্ষতা কৰে ডাঃ ৰণজিত ভূঞাই। পৰিয়াল পৰিকল্পনাৰ গুৰুত্ব উপৰত তেখেতে উপস্থিত ৰাইজক সজাগ কৰাৰ লগতে চৰকাৰী চিকিৎসালয় সমূহত উপলব্ধ পৰিয়াল পৰিকল্পনাৰ পদ্ধতি সমূহ, জনসংখ্যা ৰোধ কৰাৰ প্ৰয়োজনীয়তা, পৰিয়াল পৰিকল্পনা কাৰ্যক্ৰমৰ অধীনত আশা কৰ্মী সকলৰকৰণীয় ইত্যাদিৰ উপৰত সজাগতা আৰু আলোচনা কৰে।



সভাত উপস্থিত থাকি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, গোলাঘাটৰ জিলা আঁচনি প্ৰবন্ধক অনুষ্কা বৰায়ে সঠিক সময়ত বিবাহ আৰু সঠিক সময়ত গৰ্ভধাৰণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত সজাগ কৰে। লগতে সন্তানৰ মাজত ব্যৱধানৰ গুৰুত্ব আৰু ইয়াৰ দ্বাৰা মাতৃ আৰু সন্তানৰ  সুস্বাস্থ্য নিশ্চিত কৰাৰ উপকাৰিতাৰ উপৰত সজাগতামূলক বক্তব্য আগবঢ়ায়।



আজিৰ অনুষ্ঠানত সাৰথি বাহন মুকলি কৰে যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক গৰাকীয়ে। এই বাহন খনে গোটেই জিলাখন ভ্ৰমণ কৰি পৰিয়াল পৰিকল্পনাৰ বিষয়ে প্ৰচাৰ কৰি ৰাইজক পৰিয়াল পৰিকল্পনাৰ প্ৰতি প্ৰেৰণা যোগাব।ইয়াৰোপৰি সভাত উপস্থিত থাকে জিলা আঁচনি প্ৰবন্ধ গোটৰ বিষয়া সকল, চিকিৎসা কৰ্মী সকল, আশা কৰ্মী সকল, যোগ্য দম্পতি সকলকে ধৰি অন্য ৰাইজ। জিলা ভিত্তিক বিশ্ব জনসংখ্যা দিৱসৰ উদযাপনৰ উপৰিও স্বাস্থ্য বিভাগৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমূহত এই দিৱসৰ কাৰ্যসূচী হিচাপে ৰাইজৰ মাজত পৰিয়াল পৰিকল্পনাৰ বিষয়ে সজাগতা সৃষ্টি কৰা হয়।

No comments