Breaking News

সত্ৰীয়া সংস্কৃতিৰ সাধক, সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ প্ৰয়াণত অসম সত্ৰ মহাসভাৰ শোক

সত্ৰীয়া সংস্কৃতিৰ সাধক, সত্ৰাধিকাৰ ভৱানন্দ দেৱ গোস্বামীৰ প্ৰয়াণত অসম সত্ৰ মহাসভাৰ শোক, ভৱ গোঁসাইৰ মৃত্যু জাতীয় জীৱন,সাংস্কৃতিক ক্ষেত্ৰখনৰ অপূৰণীয় ক্ষতিঃ কুসুম কুমাৰ মহন্ত 



ডিজিটেল সংবাদ, গুৱাহাটীঃ  মাজুলীৰ ঐতিহাসিক বৰএলেঙী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰী ভৱানন্দ দেৱ গোস্বামীৰ (ভৱ গোঁসাই) যোৱা ১০ জুলাইৰ পুৱা গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰত বৈকুণ্ঠী খবৰে মৰ্মাহত কৰিছে অসম সত্ৰ মহাসভাক। মহাসভাৰ প্ৰচাৰ সম্পাদক ঈশ্বৰ কান্ত দেৱ মহন্তই বাতৰি কাকতলৈ প্ৰেৰণ কৰা এক বিবৃতিত প্ৰকাশ যে ১৯৪২ চনৰ আগষ্ট মাহত ঐতিহাসিক বৰ এলেঙী সত্ৰত জন্ম গ্ৰহণ কৰা প্ৰভু জনাই ৮৫ বছৰ বয়সত নৰনাট সামৰে। অসমৰ  ধৰ্ম,সমাজ, সংস্কৃতিলৈ সত্ৰাধিকাৰ গৰাকীয়ে  অনবদ্য অৱদান আগবঢ়াই গৈছে।  এক শোক বাৰ্তাত অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান কুসুম কুমাৰ মহন্তই গভীৰ শোক প্ৰকাশ কৰি মন্তব্য কৰে যে কেইবা দশক জুৰি মাজুলীৰ সমাজ জীৱন, জাতীয় জীৱন সমৃদ্ধ কৰা" ভৱ গোঁসাই" ৰ মৃত্যু জাতীয় জীৱন,সাংস্কৃতিক ক্ষেত্ৰখনৰ এক  অপূৰণীয় ক্ষতি। ১৯৮৬ চনৰে পৰা সত্ৰাধিকাৰ আসন অলংকৃত কৰা প্ৰয়াত সত্ৰাধিকাৰ গৰাকী অসম সত্ৰ মহাসভা,সাহিত্য সভাৰ লগত দীৰ্ঘদিন ধৰি সক্ৰিয়ভাবে জড়িত আছিল।বিশ্ব হিন্দু পৰিষদৰ উত্তৰ পূৱ প্ৰান্তৰ সভাপতি, অসম গণ পৰিষদৰো মাজুলী জিলা  গঠনত সক্ৰিয় ভূমিকা নিষ্ঠাৰে পালন কৰি গৈছে। বহুকেইখন শিক্ষানুষ্ঠানৰ সভাপতি ,মিলিত কৃষ্ঠি সংঘ খাৰজানপাৰ প্ৰতিষ্ঠাপক সম্পাদক, শংকৰদেৱ শিশু নিকেতনৰো প্ৰতিষ্ঠাপক সভাপতি আছিল। আধ্যাত্মিক জ্ঞানেৰে পৰিপুষ্ঠ এগৰাকী সুশ্ৰী, হাস্যবদনা গোসাঁইৰ বিয়োগত অসম সত্ৰ মহাসভাই গভীৰ শোক প্ৰকাশ কৰে আৰু বিদেহ  আত্মাৰ সদগতি কামনাৰে দুজনা গুৰুৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনায়। বাৰ্তাটোত মহাসভাই শোক  সন্তপ্ত পৰিয়াল বৰ্গৰ লগতে শোকস্তব্ধ শিষ্য প্রশিষ্য বৰ্গক আন্তৰিক সমবেদনা জ্ঞাপন কৰে।

No comments