Breaking News

তেজপুৰৰ পৰোৱাত প্ৰশাসনৰ উচ্ছেদ অভিযান৷ অবৈধভাৱে নিৰ্মাণ কৰা মাহী আইচক্ৰীম ফেক্টৰীত উচ্ছেদ৷



বিশ্বজ্যোতি কলিতা, তেজপুৰঃ তেজপুৰৰ পৰোৱাত প্ৰশাসনৰ উচ্ছেদ অভিযান৷ অবৈধভাৱে নিৰ্মাণ কৰা মাহী আইচক্ৰীম ফেক্টৰীত উচ্ছেদ৷ মাজহাৰুল চুলতান নামৰ লোকজনে শোণিতপুৰ প্ৰশাসনক বুঢ়া আঙুলি দেখুৱাই ২০১৭ চনত নিৰ্মান কৰিছিল অবৈধ ভাৱে এই সমুহ অট্টালিকা৷ ইয়াতেই স্থাপন কৰিছিল মাহী আইচ ক্ৰীম ফেক্টৰী৷ মৰাভৰলীৰ পাৰৰ ৩ বিঘা বাওতলী ম্যাদী ভূমিত নিৰ্মাণ কৰিছিল এই উদ্যোগ৷ আনহাতে তেজপুৰ নগৰ উন্নয়ন কতৃপক্ষৰ পৰাও গৃহ নিৰ্মানৰ অনুমতি লোৱা নাছিল বিতৰ্কিত ব্যৱসায়ী মাজহাৰুলে৷ কেৱল এয়াই নহয় এই উদ্যোগৰ পিছফালে থকা ৪ বিঘা চৰকাৰী ভূমি দখল কৰি তেও চলাই আছে বিভিন্ন ব্যৱসায়৷ এই ভূমিতো শীঘ্ৰেই উচ্ছেদ চলাব প্ৰশাসনে৷ 



উলেখ্য যে, আজিৰ শোণিতপুৰ জিলা প্ৰশাসনৰ এই উচ্ছেদ অভিযানত সন্তোষ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে।  

No comments