Breaking News

ৰাজ্যিক ভিত্তিক বিদ্যালয় কুইজ প্ৰতিযোগিতা ' চিন্তন ২০২৪ ' সম্পন্ন



সিদ্ধাৰ্থ সন্দিকৈ, গোলাঘাটঃ একে চিন্তা চেতনাৰ, একে বয়সৰ,  উচ্চতৰ মাধ্যমিক তথা স্নাতক পৰ্যায়ত অধ্যয়নৰত কেইজনমান ছাত্ৰ -ছাত্ৰীৰ দ্বাৰা গঠিত এটা সংগঠন ' উত্তৰ আলাপ ' ৰ উদ্যোগত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰা হয় এখনি ৰাজ্যিক ভিত্তিক বিদ্যালয় কুইজ প্ৰতিযোগিতা। ' উত্তৰ আলাপ ' ৰ উদ্যোগত আৰু গোলাঘাট জাতীয় মহাবিদ্যালয় আৰু গোলাঘাট জাতীয় বিদ্যালয়ৰ সহযোগত কালি এই কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈ যায়। গোলাঘাট জাতীয় বিদ্যালয়ৰ যোগেন পুণ্যপ্ৰভা প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাখনি বন্তি প্ৰজ্বলন কৰি উদ্বোধন কৰে গোলাঘাট জাতীয় বিদ্যালয়ৰ সহকাৰী শিক্ষক তথা সাংবাদিক সিদ্ধাৰ্থ সন্দিকৈয়ে। প্ৰতিযোগিতাখন উদ্বোধন কৰি দিয়া ভাষণত সন্দিকৈয়ে কয় যে সম্প্ৰতি যুৱ উচ্ছৃংখলতা,  যুৱ প্ৰজন্মৰ নৈতিক স্খলন আদি বিষয়সমূহ অনবৰতে চৰ্চিত হৈ থকাৰ সময়তে সেই যুৱ প্ৰজন্মৰে কেইজনমানে এইদৰে বৌদ্ধিক বিকাশ আৰু কচৰৎ হোৱাৰ অন্যতম উপাদান কুইজ অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি অহা কাৰ্য সমাজৰ বাবে এক শুভ বাৰ্তা বুলিব পাৰি৷ প্ৰতিযোগিতাত গোলাঘাট জাতীয় বিদ্যালয়ৰ শিক্ষক - শিক্ষয়িত্ৰী ক্ৰমে গৌতম বৰদলৈ,  কৰবী হাজৰিকা আৰু বিদ্যাশ্ৰী বৰুৱা, বিদ্যালয় খনৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰী নবীন শইকীয়া আৰু দীপা ৰায়, গোলাঘাট জাতীয় মহাবিদ্যালয়ৰ অধ্যক্ষ  জিতুমণি শৰ্মা পাঠক আৰু উপাধ্যক্ষ শিৱ প্ৰসাদ বৰাক উদ্যোক্তা সকলে এখনি ফুলাম গামোচা,  স্মাৰক পট আৰু একোটিকৈ গছপুলি আগবঢ়াই সম্বৰ্দ্ধনা জ্ঞাপন কৰে। ৰাজ্যিক ভিত্তিক অনুষ্ঠিত এই কুইজ প্ৰতিযোগিতাত গোলাঘাট জিলাৰ লগতে যোৰহাট,  চৰাইদেউ,  নলবাৰী,  বৰপেটা আদি জিলাৰ পৰা অহা মুঠ ২৪ টা দলে প্ৰাৰম্ভিক ৰাউণ্ডত অংশগ্ৰহণ কৰে।  প্ৰাৰম্ভিক ৰাউণ্ডৰ অন্তত মুঠ ছটা দল চূড়ান্ত প্ৰতিযোগিতালৈ নিৰ্বাচিত হয়। উত্তৰ আলাপ গোষ্ঠীৰ বিষয়ববীয়া হৰিষজ্যোতি বৰা,  হেমন্ত বৰা,  বিদিশা কাকতি আৰু কংকিতা দেৱীয়ে সুন্দৰভাৱে পৰিচালনা কৰা আৰু অংকুৰিমা দত্ত, ৰমেন বে' আৰু নৰেন্দ্ৰ শইকীয়াই সহযোগিতা আগবঢ়োৱা এই কুইজ প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় নলবাৰী লিটল ফ্লাৱাৰ স্কুলৰ বিবেক বৰ্মন আৰু সুৰজ আহমেদৰ দলে,  দ্বিতীয় স্থান অধিকাৰ কৰে মহৰ্ষি বিদ্যা মন্দিৰ যোৰহাটৰ আৰ্চাকজ্ এম কাশ্যপ আৰু ৰাচাকজ্ এম কাশ্যপৰ দলে,  তৃতীয় স্থানত থাকে যোৰহাটৰ ক্ৰিচেণ্ট একাডেমী আৰু বাহনা কলেজ যোৰহাটৰ ইন্দুজ্যোতি দত্ত আৰু প্ৰজ্ঞান জ্যোতি ভূঞাৰ দলে। আনহাতে চতুৰ্থ স্থান লাভ কৰে জ্যোতি বিদ্যাপীঠ টীয়কৰ অৰিন্দম প্ৰাণ শইকীয়া আৰু আশীষ কোঁৱৰৰ দলে,  পঞ্চম স্থানত থাকে  প্ৰতিযোগিতাত এককভাৱে অৱতীৰ্ণ হোৱা চৰাইদেউ জিলাৰ সোণাৰী জাতীয় বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ বৰ্ণিল গগৈ আৰু প্ৰাগজ্যোতিকা চিনিয়ৰ ছেকেণ্ডাৰী স্কুল তিতাবৰৰ প্ৰিয়ানুজ হাজৰিকা আৰু পাৰ্থজিৎ বৰুৱাৰ দল।  আটাইকেইটা দলকে পুৰস্কাৰ হিচাপে ট্ৰফী, নগদ ধন আৰু মানপত্ৰ প্ৰদান কৰা হয়। প্ৰতিযোগিতাত শ্ৰেষ্ঠ দৰ্শকৰ পুৰস্কাৰ লাভ কৰে যোৰহাটৰ পংকজ কলিতাই।

No comments