Breaking News

ওৱাটিং গাড়ীগাঁৱত অঘটন, দৈয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন তিনি কিশোৰ


পৰাগ বৰুৱা, ফৰকাটিংঃ গোলাঘাট ওৱাটিং গাড়ীগাঁৱত অঘটন। দৈয়াং নদীত সন্ধানহীন তিনি কিশোৰ। বৃহস্পতিবাৰে নদীত গা ধুবলৈ গৈছিল কিশোৰ তিনিজন। সন্ধানহীন কৈলাশ কুমাৰ ভক্ত, কুমুদ জাল, মনোজ দীপ। গোলাঘাট জিলা জামুগুৰি আৰক্ষী থানা অন্তৰ্গত  জামুগুৰি চাহ বাগিছাৰ  বালিজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণী ছাত্ৰ মনোজ দ্বীপ, কৈল্যাশ ভক্ত আৰু কুমুদ জল।  ঘটনানুসৰি বৃহস্পতিবাৰে বিয়লি প্ৰায় ২-৩০ মান বজাত ঘৰৰ পৰাৰ ওলাই ৰাতিলৈকে নহাত পুৱা ভাগত পৰিয়ালৰ লোকে গাড়ী গাঁৱৰ দৈয়াং নদী পাৰলৈ আহি নদীৰ পাৰত চাইকেল, কাপোৰ আৰু খোৱা সামগ্ৰী দেখা পাই  নদীত গা ধোৱলৈ গৈ সন্ধানহীন হোৱাৰ সন্দেহ কৰে। ইয়াৰ পিছতেই জামুগুৰি আৰক্ষীক খৱৰ দিয়ে। খবৰ পিছতেই জামুগুৰি আৰক্ষী, গোলাঘাটৰ SDRF বাহিনী উপস্থিত হয়।  



বৰ্তমানেও কিশোৰ তিনিজনৰ সন্ধান লাভ কৰা নাই SDRF বাহিনীয়ে। ইফালে ঘটনাস্থলীত উপস্থিত হৈছেগৈ গোলাঘাটৰ ৰাজহ চক্ৰ বিষয়া ত্ৰিৱেনী গগৈ।

No comments