Breaking News

২৪ ঘণ্টাৰ পিছতো সন্ধান পোৱা বিশিষ্ট শিল্পী ৰমেণ বৰুৱাৰ। অনুসন্ধানৰ নামত কেৱল মাত্ৰ উদ্ধাৰ কৰা হৈছে এক চিচি টিভি ফুটেজ।



ডিজিটেল ডেস্কঃ বর্তমানেও কোনো শুংসুত্র নাই বিশিষ্ট সংগীত শিল্পী ৰমেন বৰুৱাৰ, শেষ লোকেশ্যন আছিল ব্ৰহ্মপুত্ৰ পাৰ। ২৪ ঘণ্টা উকলিল কিন্তু কোনোধৰণৰ শুংসূত্ৰ লাভ কৰিবলৈ সক্ষম হোৱা নাই বিশিষ্ট সংগীত শিল্পীগৰাকীৰ। সোমবাৰে পুৱা ১০ বজাৰ পৰাই সন্ধানহীন হৈ আছে বিশিষ্ট শিল্পীগৰাকী।  অনুসন্ধানৰ নামত কেৱল মাত্ৰ উদ্ধাৰ কৰা হৈছে এক চিচি টিভি ফুটেজ।

বৰ্তমানলৈকে কতো কোনো খা-খবৰেই নাই শিল্পী গৰাকীৰ। সোমবাৰে লতাশিল থানাত এজাহাৰ দাখিল কৰিছিল পৰিয়ালৰ লোকে। কিন্তু লগত থকা মোবাইল ফোনটোও অফ হৈ যাৰ বাবে সন্ধান উলিওৱা অধিক জটিল হৈ পৰিছে। আৰক্ষীয়েও সন্ধান অব্যাহত ৰাখিছে শিল্পী গৰাকীৰ।

উল্লেখ্য যে কালি শিল্পীগৰাকী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষেৰে যোৱা এটা পথত প্ৰত্যক্ষ কৰিছিল। শিল্পীগৰাকী সেই বাটেৰে যোৱাৰ দৃশ্য চি চি টিভিতো ধৰা পৰিছে। ইয়াৰ পাছতে প্রায় ১মান বজাত উজান বজাৰৰ গণেশ মন্দিৰৰ সমীপত এগৰাকী মহিলাই দেখা পাইছিল শিল্পীগৰাকীক। সেই সময়ত তেওঁ নিজে নিজৰ সৈতে কিছু কথা পতাত ব্যস্ত আছিল বুলি মহিলাগৰাকীয়ে সদৰি কৰিছে।

আৰক্ষীয়ে ৰমেন বৰুৱাৰ শেষ লোকেশ্যন ট্রেক কৰি দেখিছে যে, উজান বজাৰৰ গণেশ মন্দিৰৰ পাছফালে ব্ৰহ্মপুত্ৰৰ পাৰতে তেওঁৰ শেষ অৱস্থিতি। ইতিমধ্যে নদী আৰক্ষীয়ে ব্ৰহ্মপুত্ৰত অভিযান আৰম্ভ কৰিছে।



আনহাতে শিল্পী জুবিন গাৰ্গেও ওৰে নিশা উজান বজাৰৰ ভিন্ন স্থানত ব্যক্তিগতভাৱে বিশিষ্ট শিল্পীগৰাকীৰ সন্ধানত অভিযান চলায়। ৰমেন বৰুৱাৰ কন্যা বৰ্ণিকা বৰুৱা, ভাতৃ দ্বীপেন বৰুৱা তথা পৰিয়ালৰ অন্য সকল এতিয়া গভীৰ চিন্তাত।

No comments