Breaking News

জাতিৰ পিতাক অপমান! ক্লক টাৱাৰ নিৰ্মাণৰ বাবে ডুমডুমাত ভাঙি পেলোৱা হ’ল গান্ধীৰ প্ৰতিমূৰ্তি



ললিত তাঁতী, ডুমডুমাঃ ডুমডুমাত বিজেপি শাসিত পৌৰসভাৰ নাভূত-নাশ্ৰুত কাণ্ড। মহামানৱ মহাত্মা গান্ধীৰ ইতিহাস বিজড়িত ডুমডুমাস্থিত প্ৰতিমূৰ্ত্তি উচ্ছেদ ডুমডুমা পৌৰসভাৰ। শেহতীয়াকৈ তিনিচুকীয়াৰ ডুমডুমাত মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তি আঁতৰোৱাক লৈ সৃষ্টি হৈছে তুমুল বিতৰ্কৰ। নগৰ সৌন্দৰ্যবৰ্দ্ধনৰ নামত গান্ধী মূৰ্তিস্থলত স্থাপন কৰিব বৃটিছৰ আৰ্হিৰ ক্লক টাৱাৰ। স্থানীয় ৰাইজৰ প্ৰতিবাদৰ পিছত ক্লক টাৱাৰৰ তলত গান্ধীৰ মূৰ্তি স্থাপন কৰা হ'ব বুলি প্ৰকাশ পৌৰসভাৰ। উল্লেখ্য যে, নগৰৰ সৌন্দৰ্যবৰ্দ্ধনৰ নামত ২৭ লাখ টকাৰে ক্লক টাৱাৰ নিৰ্মাণৰ পৰিকল্পনা ডুমডুমা পৌৰসভাৰ। সমগ্ৰ ঘটনাৰ সন্দৰ্ভত শুক্ৰবাৰে আছু তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক প্ৰতিম নেওগে সাক্ষাৎ কৰে ডুমডুমা পৌৰসভাৰ পৌৰপতিক। গান্ধীৰ প্ৰতিমূৰ্ত্তি উচ্ছেদত অসন্তুষ্টি প্ৰকাশ আছুৰ। ডুমডুমাৰ দল-সংগঠনৰ সৈতে আলোচনা নকৰাকৈ পৌৰসভাৰ হঠকাৰী সিদ্ধান্তৰে কামকাজ কৰা মানি নোলোৱাৰ হুংকাৰ আছু নেতা গৰাকীৰ। গান্ধীজীৰ মূৰ্তিৰ স্থানত ঔপনিৱেশিক বৃটিছৰ আৰ্হিৰ ক্লক টাৱাৰ পৰিৱৰ্তে দেশৰ শ্বহীদসকলৰ স্মৃতি সৌধ নিৰ্মানৰ পৰামৰ্শ আছুৰ।



No comments