Breaking News

এইবাৰ নগাঁৱৰ ধিঙত বাঘৰ আক্ৰমণত বনকৰ্মী আহত



বিভুতি বৰা, নগাঁওঃ  এইবাৰ নগাঁৱৰ ধিঙত বাঘৰ আক্ৰমণ এজনক । বাঘৰ আক্ৰমণত এইবাৰ গুৰুতৰভাৱে আহত হ’ব লগা হৈছে  বন কৰ্মী। আহত লোকজন ফনিধৰ দেউৰী বুলি জানিব পৰা গৈছে । আহত লোকজনক ততাতৈয়াকৈ ধিং FRU ত ভৰ্তি কৰোৱা হৈছে। বন বিভাগৰ লগতে আৰক্ষী প্ৰশাসনৰ লোক উপস্থিত হৈছে ঘটনাস্থলীত । আনহাতে ধিং চহৰৰ ধিং মহাবিদ্যালয়ৰ চি চি কেমেৰাত লিপিবদ্ধ বাঘৰ ছবি আৰু ইতিমধ্যে মহাবিদ্যালয় প্ৰাঙ্গনত বন বিভাগৰ লোক উপস্থিত হৈ চি চি টিভিৰ ফুটেজ তথা বাঘৰ খোজ প্ৰত্যক্ষ কৰি অনুসন্ধান অব্যাহত ৰাখিছে।



উল্লেখযোগ্য এপষেকৰো অধিক দিন ধৰি বাঘটোৱে ধিং, বটদ্ৰৱা, জুৰীয়া, ডুমডুমীয়া আদি অঞ্চলত সন্ত্ৰাস চলাই পাঁচজন লোকক ইতিমধ্যে আক্ৰমণ কৰিছে।

No comments