Breaking News

গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মালৈ সেউজ সাংবাদিকতা বঁটা



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাটৰ এজন জ্যেষ্ঠ সাংবাদিক তথা লেখক বিকাশ শৰ্মালৈ “সেউজ সাংবাদিকতা বটাঁ-২০২৪”আগবঢ়োৱা হৈছে ৷ গোলাঘাটৰ এক আগশাৰী স্বেচ্ছাসেৱী সংগঠন “শ্ৰীমন্ত শংকৰদেৱ ফাউণ্ডেচন”ৰ সভাপতি শুভাংশু বৰাই এইকথা জানিবলৈ দি কয়যে জ্যেষ্ঠ সাংবাদিক বিকাশ শৰ্মাই সৰুৰে পৰাই প্ৰকৃতি সংৰক্ষণৰ বাবে বিভিন্ন ক্ষেত্ৰত অৰিহনা যোগাই আহিছে ৷ ইয়াৰ লগতে গোলাঘাট শাখা সাহিত্য সভাৰ দ্বাৰা আয়োজিত প্ৰয়াত নগেন্দ্ৰনাথ গোস্বামী সোঁৱৰণী শিশু উপন্যাস প্ৰতিযোগিতাত (১৯৯৫-৯৬) তেওঁৰ দ্বাৰা লিখিত “নামবৰত ৰাজু নিতু আৰু চন্দ” নামৰ প্ৰকৃত বিষয়ক উপন্যাস খনে প্ৰথম পুৰস্কাৰ লাভ কৰিছিল”  তেওঁ ৰাইজৰ মাজত প্ৰকৃতি আৰু বণ্যপ্ৰাণী সংৰক্ষণৰ ক্ষেত্ৰত জাগৰণ সৃষ্টি কৰাত এক উল্লেখনীয় বৰঙনি আগবঢ়াইছে ৷ জ্যেষ্ঠ সাংবাদিক শৰ্মা এতিয়া অসুস্থ ৷  সেয়েহে অহা ২৬ জুলাইৰ দিনা গোলাঘাটৰ পুৰণা আমোলাপট্টিৰ তেওঁৰ নিজা বাসভৱনলৈ গৈ সংগঠনটোৱে তেওঁক সম্বদ্ধনা জ্ঞাপন কৰিব ৷ আৰু সিইদিনা শৰ্মাৰ এই বিশেষ অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰা লগতে আন শুভাকাংক্ষীয়ে সম্বদ্ধনা জনাব বিচাৰিলে শুভাংশু বৰাৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনাইছে ৷

No comments