Breaking News

অৱসৰ প্ৰাপ্ত চাহ বাগিচা পৰিচালক সত্য নাৰায়ণ নাগৰীৰ মৃত্যুত শোক



ডিজিটেল সংবাদ, গোলাঘাটঃ গোলাঘাট নগৰৰ জেহিৰুল হুচেইন পথৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত চাহ বাগিচাৰ পৰিচালক সত্য নাৰায়ণ নাগৰীৰ সোমবাৰে সন্ধিয়া প্ৰায় ৫:৪৫ বজাত নিজা বাসভৱনত মৃত্যু হয়। দীৰ্ঘদিন ধৰি শাৰীৰিক অসুস্থতাত ভুগি থকা সত্য নাৰায়ণ নাগৰীৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৬ বছৰ। মৃত্যুৰ সময়ত তেওঁ পত্নী তথা সাংবাদিক মীনা নাগৰী, পুত্ৰ গোলাঘাটৰ যুৱ সাংবাদিক তথা ৰিলায়েন্স চিনিয়ৰ ছেকেণ্ডাৰী স্কুলৰ শিক্ষক অমিত নাগৰী , জীয়ৰী স্নেহা নাগৰী গাট্টানী, বোৱাৰী,  জোঁৱাই, নাতি নাতিনীসহ বহুতো আত্মীয় স্বজনক ইহসংসাৰতএৰি থৈ গৈছে । সত্য নাৰায়ণ নাগৰীৰ মৃত্যুত গোলাঘাট জিলা সাংবাদিক সংস্থাকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ  সমবেদনা জ্ঞাপন কৰিছে । জননী লাইভেও নগৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰি বিদেহ আত্মাৰ সদগতিৰ কামনা কৰিলোঁ।

No comments